দুয়ো সৰু ঘুমটিটোৰ ভিতৰলৈ সোমাই গ'ল।
: দাদা ঘূগুণী দুই প্লেট দিব।... আৰু বইল কণীৰ দাম কেনেকৈ? বাবুলে
সুধিলে।
: লোকেল সাত টকা, চালানী চাৰি টকা।
: লোকেলৰ দাম ইমান বেছি যে? বিতুৱে সুধিলে।
: নহ'বনো কিয়? কিনা দামেইচোন পাঁচ টকা। দোকানীজনে ক'লে।
: আৰু চালানীৰ?
: আঢ়ৈ টকা।
: চালানীকে দুটা দিয়ক।
মানুহজনে ঘূগুণী দুই প্লেটৰ সৈতে বাটি এটাত কণী দুটা লৈ সিহঁতৰ সন্মুখত
ৰাখিলেহি।
: কথা এটা ভাবিছোঁ। হাতত কণীটো লৈ বাবুলে বিতুক ক'লে।
: কি কথা?—বিতুৱে সুধিলে।
: খাই ল। বাহিৰত গৈ কম।
দোকানীজনৰ হাতত পাঁচশ টকাৰ খুচুৰা নথকাৰ বাবে বাবুলে নিজৰ জেপৰ
পৰাই দুই প্লেট ঘূগুণী আৰু দুটা কণীৰ দাম দিলে আৰু বিতুক লগত লৈ দোকানৰ
বাহিৰলৈ ওলায় আহিল।
: কি কথা ভাবিছ বুলি কলি? বিতুৱে সুধিলে।
: চাইকেল কিনিবি?
: পাঁচশ টকাৰে?—আচৰিত হোৱাৰ সুৰত বিতুৱে সুধিলে।
: এঃ তোক লাগেনে নেলাগে সেইটো ক।
: লাগে আক, এনেই মন মাৰি আছো নেকি।
: শুন তেনেহ'লে। বুলি কৈ বাবুলে বিতুৰ কাণত অলপ সময় ফুচফুচালে।
: মাৰ খোৱাৰ বুদ্ধি কৰিছ?—বিতুৱে সুধিলে।
: নেখাওঁ মাৰ, ইয়াত নেবেচো নহয়। কোনোবা দূৰৈৰ ঠাইত বিকিমগৈ।
অলপটো ৰিস্ক ল’বই লাগিব।
: মোৰ ভয় লাগে দেই।
: চাইকেল নেলাগে তাৰমানে?
: লাগে।—বিতুৱে লাহেকৈ ক'লে।