পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯৮॥ একুৰি এটা গল্প

জীৱনলৈ যি যাতনা আনি দিলে, তাতকৈ আমাৰ বাবে আয়া এজনী ৰাখি নিজে কোনো দেহোপজীৱিনীৰ ওচৰলৈ গৈ...।
 —দাদা! গৌৰৱৰ ধমকত সৌৰভৰ মুখৰ মাত বন্ধ হৈছিল। শাকনিবাৰীত মাটি খুঁচৰি থকা চৌধুৰীৰ হাতৰ খন্তিখনে যেন তেওঁৰ বুকু ভেদি কলিজাত আঘাত কৰিলেগৈ! তেওঁ চকুৰে ধোঁৱা-কোঁৱা দেখিলে। কোনোমতে চকুৰে দেখা নানাবৰণীয়া তৰাফুলৰ মাজত তেওঁ থিয় হ'ল। গৌৰৱহঁতৰ ৰূমটোৰ একমাত্ৰ সৰুখিৰিকীখনেৰে চৌধুৰীৰ ৰ’দত চিকচিকাই থকা তপা মূৰটো স্পষ্টকৈ ওলাই পৰাত দুয়ো সেইপিনে চালে। কঁপা ভৰিৰে কথমপি আগবাঢ়ি হাত মেলি তেওঁ খিৰিকীৰ ৰদ এডালত খামুচি ধৰি সুধিলে— তহঁতে কি কথা পাতিছ? চৌধুৰীৰ মুখেৰে অন্য প্ৰশ্ন ওলাই নাহিল। মাতত তেওঁৰ কঠোৰতা, কাতৰতা একো নাই। মাথোঁ দুৰ্বল, অলসভাৱে কৰা এটা প্ৰশ্ন। সৌৰভে ঘোপাকৈ কিছুপৰ বাপেকলৈ চাই থাকি ফোঁ-ফোঁৱাই ওলাই গ'ল। গৌৰৱ কিছু সময় মাত্ৰ স্থানুৰ দৰে ৰৈ থাকি খঞ্জকৈ ওলাই আহি বাপেকৰ ওচৰত ৰ’ল! দুয়ো বহুপৰ মুখেৰে একো শব্দ নকৰাকৈ থিয় হৈ থাকিল। তাৰ পাছত দুয়ো একেলগে মুখ তুলি দুয়োলৈ চালে। চৌধুৰীয়ে পুতেকৰ চকুত প্ৰশ্ৰয়ৰ চিন দেখা পালে। বুকুৰ মাজত থকা সোপাটো সামান্য ঢিলা হ’ল। তহঁতে কি কথা পাতিছিলি?
 —দেউতা, দাদাৰ এইবাৰ লাষ্ট ছেমিষ্টাৰ। তাৰ আগতে তাক এটা তিনিমহীয়া ওপৰঞ্চি কোৰ্ছ কৰা দৰকাৰ। তাৰ বাবে ফীজ দিব লাগে প্ৰায় চৈধ্য হাজাৰ টকা। একেলগে নিদিলেও তিনিটা কিস্তিত দিলেও হ'ব। সেয়ে...।
 —মোৰ জি পি এফৰ টকাখিনিতো তহঁতৰ বাবেই...।
কৈছিলো দাদাক। কিন্তু সি...।
 —কিয়? সি মোৰ পইচাৰে নপঢ়িব কিয়? ইমান দিনে জানো সি মোৰেই টকা-পইচাৰে পঢ়ি থকা নাই!

 গৌৰৱে সেপ ঢুকিলে...। নাই, নহয় দেউতা! মানে, আচলতে দাদাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত নিজৰ খৰচতে পঢ়া-শুনা কৰিছে। মানে সি এটা পাৰ্ট টাইম জব্ কৰি...।
 —কি ক’লি? পাৰ্ট টাইম জব?
 —ওঁঁ।
 —কিয়? কিহৰ বাবে?

 গৌৰৱ নিৰুপায়ত পৰিল। কিহৰ বাবে সৌৰভে পাৰ্ট টাইম কাম কৰি