পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮ • একুৰি এটা গল্প
 


  — আঁঠুত, হাতত আৰু এয়া গালত।
  — নাম কি আপোনাৰ?
  — ৰতন মণ্ডল।
  এখেতৰ নামটো লিখক। ৰতন মণ্ডল। মজলীয়া আঘাত। আঁঠু, হাত আৰু মুখত। আপোনাৰ হৈছে নহয়? যাওক, দৌৰা-দৌৰি নকৰিব। বহি থাকক। আমি আছো নহয়! আপুনি বহকগৈ...।
  কি হ'ল? একো নভবাকৈ, একো ক’বই নোৱৰাকৈ কি হ’ল? ৰতন দুৰ্বল মানুহ এজনৰ দৰে আহি বেঞ্চখনত বহি পৰিল। সেই যে বহি পৰিল, বহিয়েই থাকিল। বেলি লহিয়াই আন্ধাৰ হ’ল। এটা এটাকৈ গোটেই হাস্পতালৰ লাইটবোৰ জ্বলি উঠিল। মানুহৰ লৰা-ঢপৰা কমিছে, ভিৰো কমিছে, তথাপি যেন এটা চেপা উত্তেজনা! ৰতনে বেঞ্চতে বহি থাকি ভাবি গল— পুৱাৰ পৰা কি কি হল— ঘৰৰ পৰা আহিল জনতা ভৱনৰ সন্মুখত ৰিক্সাত খুন্দা খাই আহত হ'ল— তাৰ পাছত চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ আহিল—ৰিক্সাৱালাটোৱেই থৈ গৈছিল। ফ্ৰী চেক আপ, ফ্ৰী দৰব। তাৰ পাছতে বোমা ফুটি দুৰ্ঘটনাগ্ৰস্ত বহু লোকৰ হাস্পতাললৈ আগমন আৰু তাৰ মাজতে তাৰ নামটো লিষ্টে হৈ গ'ল— জনতা ভৱনৰ সন্মুখত বোমা বিস্ফোৰণত আহতসকলৰ মাজৰ এজন হিচাপে। বোমা বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোক সি— সকলোৱে ধৰি ল'লে। কিন্তু সি মিছা মাতিলে কিয়? নাই, ক’ত মিছা মাতিছে? সি মিছা কোৱা নাই! যি সুধিছিল তাৰ যথাযথ উত্তৰ দিছে মাত্ৰ। তাকতো কোনেও বোমা বিস্ফোৰণত আহত হৈছে নেকি বুলি সোধা নাই!
  — শুনিছো বিস্ফোৰণত আহত আৰু নিহতসকলক চৰকাৰী সাহায্য দিব। সোনকালেই দিব। এজনে সি বহি থকা বেঞ্চখনৰ মূৰত বহি লৈ ক'লে। ওচৰতে ৰৈ থকা এজনে সামান্য উত্তেজিত সুৰত উত্তৰ দিলে— দিবতো! দিবই লাগিব। নহ'লে কি চৰকাৰ থাকিব? চৰকাৰৰ হেমাহিৰ বাবেই এই ঘটনা ঘটিবলৈ পালে। চাওকচোন কিমান নিৰীহ মানুহৰ বিপৰ্যয় হ’ল! এই এখেতলৈকে চাওক— ৰতনলৈ আঙুলিয়াই মানুহজনে ক'লে— বেকাৰ ল’ৰা। চাকৰিৰ আশাত জনতা ভৱনলৈ ঢাপলিয়াই আহিছিল। এতিয়া এই অৱস্থাত ইয়াতে অলপ কোমল মাত উলিয়াই তাৰ ফালে দৃষ্টি থৈ সুধিলে— অলপ আৰাম পাইছেনে?
  — অঁ পাইছো। ৰতনৰ মাতটো ডিঙিৰে কোনোমতে সৰকি ওলাল।
তাৰ গাটো গৰম গৰম লাগিছে। মানুহ দুজন আকৌ কথা পতাত লাগিল। ৰতনে মন দিলে সিহঁতে কোৱা কথাৰ সাৰমৰ্ম হ’ল— ‘বোমা বিস্ফোৰণত নিহত