পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক্ষতিপূৰণ

  কেউপিনে চিঞৰ-বাখৰ, দৌৰা-দৌৰি। ডাক্তৰ-নাৰ্ছৰ ব্যস্ততাপূৰ্ণ খট্‌ খট্‌ খোজৰ শব্দ। ষ্ট্ৰে’চ্চৰ ঠেলি দৌৰা-দৌৰি কৰি থকা ৱাৰ্ডবয়বোৰৰ ভৰিৰ আৰু ষ্ট্ৰে'চ্চৰৰ চকাৰ শব্দ, আহতসকলৰ আৰ্ত চিৎকাৰ আৰু আহক-নিহতসকলৰ পৰিয়াল-আত্মীয়ৰ কান্দোন-কাটোন, পুলিচ-মিলিটাৰীৰ হুইচেলৰ শব্দ,এম্বুলেন্সৰ ছাইৰেণ..। এক যন্ত্ৰণাময় পৰিৱেশ। ক'ত কোন আছে, কোনে কাক মাতিছে— ফটকৈ ধৰিবই নোৱাৰি। তাৰ মাজতে হাস্পতালৰ এচুকৰ বেঞ্চ এখনত কুচি-মুচি বহি আছে ৰতন। ৰতন মণ্ডল। বৰপেটাৰোডৰ পৰা ৰাজধানীলৈ আহিছিল চাকৰিৰ বাবে ‘খোচামতি’ কৰিবলৈ। যোৱা কেইবছৰমান ধৰি তাঁত-বাটি কঢ়িয়েই আছে। জনতা ভৱনত সোমাবলৈ বুলি ৰাস্তা পাৰ হৈ যাব খোজোতে ৰিক্সা এখনত খুন্দা খাই পৰি আহত হৈছে। আঁঠু আৰু হাতত দুখ পোৱাৰ উপৰি গালৰো এবখলা গৈছে। যথেষ্ট বিষ আছিল। ডাক্তৰণীগৰাকীয়ে টেবলেট এটা আৰু ইন্‌জেকশ্যন এটা দি দুই বা আঢ়ৈ ঘণ্টামান ৰ'বলৈ কৈছিল। পাছত আকৌ এবাৰ চাব হেনো। বগী, লাহী দেহৰ ডাক্তৰণীগৰাকী বৰ সাদৰী। সাক্ষাৎ লখিমী। দেহি! তাৰ দৰে কেলেহুৱা এটাকো যে ইমানখিনি পৰিচৰ্যা কৰিছে। বেছিকৈ ইন্‌জেকশ্যন, দৰব লিখি থাকোতে সি হঠাতে কৈ উঠিছিল— বাইদেউ, ইমান অকণমান দুখ পাওঁতেই ইমানবোৰ দৰব খাব লাগিবনে?
 — অকণমান দুখ? চছ্‌মাৰ ওপৰেৰে তালৈ চাই ডাক্তৰণী বাইদেৱে কলে— ‘দেখাত অকণমান, পিছে সাৱধান নহলে চেপ্টিক হৈ যাব পাৰে। দৰবখিনি ল'বই লাগিব। ’
 — কিন্তু ইমানবোৰ দৰবৰ বাবে মোৰ হাতত ইমান পইচা নাই। চাকৰি বিচাৰি ৰাজধানী-ঘৰ, ৰাজধানী-ঘৰ কৰি থাকোতেই আয়ে তাঁত বৈ পোৱা টকাকেইটা শেষেই হয়...।
 — ডাক্তৰণী গহীন হ’ল— হ’ব, দুখ পাই মোৰ ওচৰলৈ আহিছে যেতিয়া দিবলগীয়া দৰবখিনি লিখি দিয়াটো মোৰ দায়িত্ব। এইখিনি ন্যূনতম দৰব-ইন্‌জেকশ্যন আপুনি ল'বই লাগিব। দৰবখিনি আপুনি কিনিব নালাগে। মই শ্লিপ এখন দিওঁ, আপুনি গৈ ৬ নং কাউণ্টাৰত দিলেই আপোনাক দৰবখিনি দিব। যদি নিদিয়ে, মোক দেখা কৰিবহি।  — ৰতন ওলাই আহিল। ৬ নং কাউন্টাৰত দৰব দি থকা ছোৱালীজনীলৈ শ্লিপখন আগবঢ়াই দি সি সেমেনা-সেমেনি কৰি ৰ'ল। ছোৱালীজনীয়ে এবাৰ তালৈ