পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪ • একুৰি এটা গল্প
 

 —জীৱনটো বচাই আনিছো কোনোমতে। সি আদ্যোপান্ত বিৱৰি ক'লে। উস্, তাত আৰু দুই মিনিট থকা হলে? কিযে উৎপাত হ’ল মানুহবোৰৰ? কোনো শান্তিত থাকিব নোৱৰা হ'ল। ঘটনাস্থলীত তাৰ হাতৰ মিঠাইৰ টোপোলা ফাটি পৰি গৈছিল যদিও মিঠাই বন্ধা কাগজখন হাততে আহিছিল। ল'ৰা-ছোৱালী দুটাই চোওঁ-নোচোওঁকৈ কাগজখন হাত পাতি ল'লে। ঘৈণীয়েকে মিঠাতেলৰ বটলটো ল'লে। চেনিৰ অৱশিষ্ট একোৱেই নাছিল।

 কাপোৰ সলাবলৈ বিমানে পেন্টৰ জেপৰ পৰা পইচাখিনি উলিয়াবলৈ হাত দি গম পালে জেপত পইচা নাই। ধমহকৈ উঠিল বুকুখন। ইখন সিখনকৈ আটাইকেইখন পকেট চালে। নাই।
 —কি হল? ঘৈণীয়েকৰ প্ৰশ্ন।
 —মো-মোৰ টকাখিনিও হেৰিল,হায়!
 —একো নহয়। টকা যাওক। মানুহটো ঠিকে আছে যেতিয়া সেয়ে বহুত। টকা আকৌ পাম। মন বেয়া নকৰিব।
 —তোমাৰ বেয়া লগা নাই?
 —লাগিছে। কিন্তু দৰমহা নোপোৱা দিনবোৰততো আমি এনেকৈয়ে থাকো। এইবাৰো দৰমহা পোৱা নাই বুলি থাকিলেই হ’ল। গেলামালৰ বাকীখিনিয়ে মৰা হ’ল, সেয়ে বহুত। সিহঁত দুয়ো ল'ৰা-ছোৱালী দুটালৈ চালে। ল'ৰাটোৰে মিঠাইৰ কাগজখনকে চেলেকা দেখি দুয়োৰে হাঁহি উঠি গ'ল।