পেকেটটো থৈ কাপোৰযোৰ আকৌ হেঙাৰত সুমুৱাই ক'লে— দাদা, পূজাৰ
বজাৰত সেই দামত সেই (অন্য এফালে আঙুলিয়াই) তেনেকুৱা কাপোৰ পাব,
দিম?
বিমানৰ খং উঠিল— কিয় লমহে? ৰং বৰণৰ কথা আছে নহয়!
সি যাবলৈ উঠিল। দোকানীয়ে ভোৰভোৰালে ৩০০ টকাৰ মাল
কিনাত জোৰ নাই, হাজাৰটকীয়া মালত চকু...।
—কি ক'লা? কি ক’লা তুমি? মই ৰৈ চাইছিলোহে। তুমিয়ে ভিক্ষাৰীৰ
দৰে কাও-বাওকৈ মাতি আনি মোক বহুৱাইছা। তেতিয়া একেবাৰে ৰজাৰ সন্মান
আৰু এতিয়া...?
– দাদা দাদা, যাওকগৈ। ভুল হৈছে মোৰ...। দোকানীৰ কৰযোৰ মিনতি
দেখি ভমক্কৈ উঠি অহা ক্ৰোধ সম্বৰণ কৰি বিমান ওলাই আহিল। ছেঃ, বৰ
বেয়া দিন গ'ল আজি!
কিয় চকু দিছে সি কাপোৰ-কানিত? কিহেৰে কিনিব? ভনীয়েক,
ঘৈণীয়েকহঁতক সি সোণৰূপেৰে ওপচাই ৰাখিবৰ মন কৰিলেও জানো সি পাৰিব?
সাত হাজাৰ টকাৰে ধাৰ মাৰি মন গলেও সি ভনীয়েকক কাপোৰ কিনি দিব
নোৱাৰে। মালতীৰ দোকানত বহি কৰা হিচাপৰ ধাৰখিনি সি পইচাখিনি হাতত
থাকোঁতেই মাৰি শেষ কৰিব লাগিব। তেহে আগলৈ ধাৰ বিচাৰি সি ঘূৰিব পাৰিব।
ধাৰ শোধ কৰি তাৰ হাতত থাকিব মুঠেই ১০০০ মানহে টকা। সেয়াৰে সি কি
কৰিব? ল'ৰা-ছোৱালী দুটালৈ পূজাৰ কাপোৰ? নাই নাই। কাপোৰৰ চিন্তা সি
মুঠেও নকৰে। তেন্তে?
ক’ব নোৱৰাৰ দৰে আপোন মনেৰে সি হাতত মিঠাতেল আৰু চেনিখিনি
লৈ আগবাঢ়ি থাকিল। কি কৰিব? সদায় অভাৱ-অনাটনৰ মাজত থাকি থাকি
পূজাৰ কেইদিনতো অকণমান ‘বেলেগ কিবা' নহ'লে ঘৰৰ বাকীবোৰৰ মনবোৰ
ভাল লাগিব জানো? আন নহ'লেও ল'ৰা-ছোৱালী দুটাই মনত দুখ পাব। কিবা
এটা উপায় পোৱাৰ দৰে তাৰ মনটো অলপ ভাল লাগি গ'ল। আজি খাব। সপ্তমী
পূজা আজি। ৰাতি আটায়ে মিলি মাছ-মিঠাই আদিৰে ভালদৰে খাব। বহুদিন হল
হেঁপাহ পলুৱাই মাছ-মিঠাই আদি নোখোৱা। যাঃ যিমান পইচা যায় যাওক। আজি
খোৱাটোৱে মনত থকা হওক। সি মাছৰ বজাৰৰ ফালে আগবাঢ়িল। যাওঁতে বাটত
মিঠাইৰ দোকান এখনত সোমাই প্ৰফুল্লচিত্তে ঘৰৰ আটায়ে ভালপোৱা ৰসগোল্লা,
চানাৰ বৰফি আৰু জেলেপী সৰহকৈ কিনি পেলালে। মন পূৰাই খাওক। তাৰ
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২॥ • একুৰি এটা গল্প