পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প• ৬১
 

শোধাই মিঠাতেল আধালিটাৰ আৰু চেনি আধা কেজি লৈ ওলাই আহিল। ৰতন মণ্ডলৰ দোকানৰ পৰা ওলাই আহোঁতে বাটত শাৰী শাৰী কাপোৰৰ দোকানত ওলোমাই থোৱা বিবিধ ৰংচঙীয়া পোছাকলৈ তাৰ মন গ'ল। বহুদিন হ’ল গাভৰু ভনীয়েকজনীক কানি-কাপোৰ কিনি নিদিয়া। সি অলপপৰ ৰৈ থাকি দোকান এখনলৈ আগবাঢ়ি গ'ল। সেমেকা পূজাৰ বজাৰত গ্ৰাহকক দোকানীয়ে বৰ আগ্ৰহেৰে আহ্বান জনালে—আহক আহক দাদা, কি ল’ব কওক। যেন বিমানে কিবা ল’বই!
  —নাই এনেয়ে চাইছো...।
  —এনেয়েতো চাব। আহক, বহি লওক। বিমান সোমাই গৈ বহিল।
  —কি দিম? ছুৰিদাৰ, ফ্ৰক, শাড়ী? কওক, নতুন ফেশ্বনৰ মাল ভৰাইছো। বৌৰ বাবে শাড়ী চাব? (যেন বৌৱেকক সি চিনিয়েই পায়!)
  —মোক সেই ছুৰিদাৰ যোৰ দেখুৱাওকচোন (ওলোমাই থোৱা ছুৰিদাৰ এযোৰৰ ফালে আঙুলিয়াই বিমানে কলে)। দোকানীয়ে হেঙাৰৰ পৰা কাপোৰযোৰ আনি আগত থ’লে।
  —কিমান দাম?
  —দাম পাছতো হ’ব দাদা, আগতে পছন্দ কৰক।
  বিমানৰ কাপোৰযোৰ ভালেই লাগিছিল—নহয়,আগেয়ে দামটো কোৱা।
  —হ’ব দাদা, লৈ লওক। বছৰত পূজা এবাৰহে। বান্ধি দিওঁ? দোকানীৰ ব্যৱসায়ীসুলভ হাঁহিভৰা প্ৰশ্ন। বিমানৰ খং উঠিল। ইহঁত তেজশোহা জোক নেকি? আহি ৰ'লতে একেবাৰে শুহি পেলাব খুজিছে...!
  —মই কাপোৰযোৰৰ দাম জানিব খুজিছো। মোৰ পইচাৰে মিলিলেহে ল'ম। মইতো ব্লেংক চেক্ লগত লৈ বজাৰ কৰা মানুহ নহয়...!
  দোকানীৰ মুখৰ ৰং সলনি হ'ল। —দাদা,আপুনি ল'ব খুজিছে যেতিয়া আপোনাৰ বাবেহে ৮০০ টকা খাটাং। কেৱল আপোনাৰ বাবে। অন্য হোৱা হ'লে ১১০০ টকা...।
  —৮০০ টকা? বিমানৰ চকু-মুখ বহল হৈ গল— ইমান দাম এইবোৰ কাপোৰৰ!
  —দাদা, গোটেই গাতে জৰীৰে কাম কৰা, মডাৰ্ণ ফেশ্বন...।
  বিমানৰ কাপোৰযোৰ সঁচাকৈয়ে ভাল লাগিছিল। সসংকোচে ক'লে— ৩৫০ টকামানত হোৱা হ'লে...!
  দোকানীৰ মুখৰ ৰং ক’লা পৰিল। বান্ধিবলৈ লোৱা খাকী ৰঙৰ কাগজৰ