পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পূজাৰ বজাৰ

  বেংকৰ কাউন্টাৰৰ পৰা হাতখন উলিয়াই বিমানে মুঠিটোত জোৰেৰে নোটকেইখন চেপি ধৰি ওলাই আহিল। উঃ কি অসহ্য ভিৰ! বেংকৰ মূল গেটখনৰ পৰাই গ্ৰাহকৰ লাইন। দুঘণ্টামান সময় লাইন পাতি পাঁচ-ছয় মিনিটৰ মূৰে মূৰে এখোজ এখোজকৈ আগবাঢ়ি এয়া এইমাত্ৰ সি তাৰ টকাখিনি কাউন্টাৰৰ পৰা উলিয়াই আনিছে। সি লৰালৰিকৈ ওলাই আহি বেংকৰ পৰা অলপ দূৰৈত থকা মালতীবাইৰ চাহৰ দোকানখনলৈ গ'ল। সি সদায় বেংকলৈ আহিলেই মালতীবাইৰ দোকানত চাহ একাপ খাই যায়।
  — অ’ ছাৰ, আহক আহক — আথে-বেথে মালতীয়ে আহ্বান জনালে। ঐ ল’ৰা, ছাৰক বহিবলৈ দে। টেবুলখন মচি পানী দে। জল্‌দি কৰ। ছাৰ বহক। কেইবাদিনো দেখা নাই আপোনাক...!
  — কি দেখিবাহে, তিনিমাহ ধৰি দৰমহা নাই। বেংকলৈ দৰমহাৰ পইচা উলিয়াই নিবলৈ অহাত বাদে আমাৰ কি সকাম থাকে?
  মালতীৰ এজন গ্ৰাহকৰ ফালে মন দিলেই নচলে। তাই বহি থকাৰ পৰাই আনফালে চকু দিলে।

  দোকান মানে সৰু গুম্‌টিঘৰৰ নিচিনা কোঠা এটা। টিনপাতৰ চাল, টিনপাতৰ বেৰ, টিনপাতৰেই দুৱাৰ-খিৰিকী। চুটি চুটি বেঞ্চ পাঁচখন আৰু ডেস্ক পাঁচখন। প্লাষ্টিকৰ চেয়াৰ দুখন, সৰু আলমাৰি এটা। কোঠাটোৰ বাহিৰফালে চৌকাত চাহ বনোৱা হয়। ৰাতিয়েই ঘৰত বনাই অনা লাড়ু, নিমকি, খুৰ্‌মা আৰু দোকানতে গৰম গৰমকৈ তৈয়াৰ কৰা টেকেলী পিঠা— এয়াই মালতীবাইৰ দোকানৰ বস্তু। বিমানৰ দৰে মানুহবোৰ এই দোকানৰে স্থায়ী কাষ্টমাৰ।

  বিমান সচৰাচৰ সি বহা আসনখনতে বহিলগৈ। চুক এটাত। দোকানৰ ল'ৰাটোৱে দিয়া পানীগিলাচ খাই সি জেপৰ পৰা ৰুমালখন উলিয়ালে। মুখখন মচি সি ছাৰ্টৰ জেপত হাত ভৰাই টকাকেইটা উলিয়াই আনিলে। বৰ সাৱধানেৰে আঙুলিৰে পিছলাই সি নোটকেইখন হিচাপ কৰিলে— ৫০০ টকীয়া নোট মুঠ ১৪ খন। তাৰ মুখ মেল খাই নিশ্বাস এটা ওলাই আহিল। ১৪ খন মানে ৭০০০ টকা। মাত্ৰ সাত হাজাৰ। তিনি মাহৰ মূৰত পোৱা এমাহৰ দৰমহা। নোটকেইখন সি পকেটত ভৰাই থলে। তাৰ মূৰটো ঘূৰোৱা ঘূৰোৱা যেন লাগিল। দুটা