দিবলৈ মাকৰো বৰ আগ্ৰহ নাই। বোধ হয় হাতৰ লাচনি-পাচনী হয় বাবেই নেকি?
মহীধৰেও শুই উঠাৰে পৰা শুবলৈ যোৱাৰ পৰলৈকে সকলো বস্তু আৰু কাম নিজ
ঠাইত আৰু সুকলমে সম্পন্ন হৈ থাকে বাবেই চাগৈ লীলাৰ পঢ়াৰ ক্ষেত্ৰত
বাকীকেইজনীক কৰাৰ দৰে জোৰ নকৰে। এয়া জ্যেষ্ঠ সন্তানৰ প্ৰতি থকা অজানিত
দুৰ্বলতাও হ'ব পাৰে। অথবা কমকৈ হ'লেও লীলাৰ মাক আৰু মহীধৰ স্বাৰ্থপৰ
নেকি? হ’বও পাৰে!
আধা ফুটমানৰ পৰ্দাৰ ফাঁকটোৰে মহীধৰে লক্ষ্য কৰিলে মুখামুখিকৈ
থকা সিটো ৰূমৰ মাটিত বহি লীলাই ডেণ্ড্ৰাইট, ডাঙৰ বেজী-সূতা, সৰু হাতুৰি
এটা আৰু ৰং আৰু ব্ৰাছ গোটাই লৈ লেপেটা কাঢ়ি বহি আধা পুৰণি ছেণ্ডেল
দুযোৰ মেৰামতি কৰিবলৈ ধৰিছে। মহীধৰৰ বুকুখন অকণমান বিষাই গ'ল।
শিক্ষকতাৰে পোৱা দৰমহাকেইটাৰে সি ছজনীয়া পৰিয়ালটো টানিব নোৱৰা
হৈছেগৈ। বস্তুৰ যি জুই-ছাই দাম! চাৰিজনীকে গাভৰু ছোৱালীৰ পিন্ধা-উৰা,
পঢ়া-শুনাৰ খৰচ। লক্ষ্মী ছোৱালী দেহি! মহীধৰৰ লীলাক সহায় কৰি দিবৰ মন
গ’ল। কিন্তু পিছপাকতে তাৰ গহীন-গম্ভীৰ ভাবৰ মুখা(!) জীয়েকহঁতৰ আগত
সুলকি পৰে বুলি ভাব হোৱাত লৰচৰ নকৰি এক মনে গোপনে জীয়েকৰ কাম
চাবলৈ ধৰিলে।
মুখা! এৰা, মহীধৰে নিজকে এনে এটা গোমোৰা ভাবত আৱৰি ৰাখে
যাতে ঘৈণীয়েক-জীয়েকহঁতে সহজে তাক একো ক'ব নোৱাৰে। আটায়ে যেন
ভয়তে কুচি-মুচি থাকে। অপ্ৰয়োজনত জীয়েকহঁতৰ আগত এষাৰো কথা নকয়।
পৰিবাৰৰ কথা সুকীয়া। কিন্তু জীয়েকহঁত ডাঙৰ হৈ অহাৰ লগে লগে ঘৈণীয়েকৰ
লগতো সি মন খুলি কথা নপতা হ’ল। নহলে হয়তো আধুনিক যুগত ডাঙৰ
হ’বলৈ ধৰা গাভৰু জীয়েকহঁতৰ ফৰমাইচ পূৰণ কৰি সি নিঃস্ব হৈ পৰিলহেঁতেন!
ভাবে সি। লীলা-মালাহঁতে স্কুল-কলেজৰ কিতাপ, ফিজ আদিৰ বাহিৰে সেয়ে
অতি প্ৰয়োজনীয় বস্তুটোৰ কথাহে লাগে বুলি দেউতাকৰ আগত কয়। ছোৱালীহঁতে
দেউতাকৰ অনুপস্থিতিত মাকৰ আগত কিবা অবান্তৰ দাবী কৰিলেও মাকেও এই
বিষয়ত লাই নিদিয়ে। গতিকে কয়হে, কামত একো নাই। প্ৰয়োজন মতে দেউতাকে
যিখিনি অনুমোদন কৰে, সেইখিনিয়েই...।
লীলাই ছেণ্ডেলযোৰ মেৰামতি কৰি উঠি ‘বৰ ভাল কাম এটা কৰিলে’
— এনে ভাবত সৰু হাতুৰিটোৰে এনেয়ে এবাৰ খটখট শব্দ কৰি ভনীয়েকলৈ
চালে। তায়ো বিৰক্তিৰে লীলালৈ এবাৰ চাই আকৌ পঢ়াত মন দিলে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬ • একুৰি এটা গল্প