পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাটচ’ৰাত একাষাৰ
দৈনন্দিন জীৱনতকৈ কিছু বেলেগ কিবা এটা কৰিবলৈ
ইচ্ছা জন্মাত হাতত কলম তুলি লৈছিলো। চেষ্টা
আছিল কৈশোৰৰ পৰাই। পৈণত বয়সত অ'ত ত'ত
দুই এটা লিখনী প্ৰকাশ পাবলৈ ধৰে। তাৰেই মাজৰ
২১ টা লিখনী নিৰ্বাচিত কৰি কিতাপাকাৰে ছপাই
উলিওৱাৰ দুঃসাহস কৰিছো। নাজানো পিছলৈ ই
কিলোৰ দৰত বিক্ৰী হোৱাৰ যোগ্য হয়নে আলমাৰীৰ
চুকত ঠাই পোৱাৰ যোগ্যতা পায়। তাৰ বিচাৰ অৱশ্যে
পাঠকে কৰিব। আৰু পাঠকৰ উৎসাহ পালে
ভৱিষ্যতলৈও এনে দুঃসাহস কৰিবলৈ প্ৰেৰণা পাম।

চাৰিওফালে থকা মোৰ অগণন শুভাকাংখীৰ অহৰহ।
উৎসাহে লিখি যাবলৈ সাহস যোগাই আহিছে।
সেই সকলোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা।
জনালো, লগতে ‘একুৰি এটা গল্প’ৰ প্ৰকাশৰ কাৰিকৰী
দিশত বিভিন্নজনৰ অকৃপণ সহযোগিতায়ো মোক
সেইসকলৰ ওচৰত কৃতজ্ঞ কৰি ৰাখিব। সকলোকে
মোৰ ধন্যবাদ জনালো।