পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬ • একুৰি এটা গল্প
 

তেওঁ হেঙাৰৰ পৰা চাৰ্টটো নমাই আনি কৈছিল— ‘তোমাৰ কি দৰ্কাৰ?’ তথাপি মই ভাবিছিলো— তেওঁ হয়তো কথাষাৰ নিতান্ত ধেমালিতে কৈছে আৰু লগে লগে মোৰ ফালে ঘূৰি চাই দুষ্টালিভৰা হাঁহিটো মাৰিহে ওলাই যাব। কিন্তু নহয়। যেন ৰুক্ষ মাতেৰে তেওঁ উত্তৰ দিছিল তেনে কঠিনতা প্ৰদৰ্শন কৰি তেওঁ দপ্‌দপাই কোঠাটোৰ পৰা ওলাই গ'ল। স্তব্ধ, বিমূঢ় হৈ মই বিছনাৰ কাষতে মজিয়াত বহি পৰিছিলো। থিয় হৈ থকাৰ শক্তিও যেন মোৰ নোহোৱা হৈছিল। এয়া জানো মোৰ প্ৰিয়তম পুৰুষজনে মাত্ৰ, মাত্ৰ চৈধ্য-পোন্ধৰ দিন আগতে বিয়া কৰাই আপোন কৰি লোৱা মোৰ মানুহজনে কৈছে? বিয়াৰ আগতে পাঁচ-ছবছৰ ধৰি মিঠা কথা কৈ অহা মানুহজন জানো এইজনেই? অলপ সময়ৰ পাছতে পাহৰি এৰি যোৱা চছমা আৰু ঘড়ী নিবলৈ কোঠালৈ সোমাই আহি মোক তেনেকৈ বহি থকা দেখিওঁ তেওঁ কোনো ভাবান্তৰ প্ৰকাশ নকৰিলে। ধুমুহাৰ গতিত আহিল আৰু এবাৰ মোলৈ এপলকৰ বাবে চাই বস্তুকেইটা লৈ ওলাই গ'ল। সেই চাৱনিতো একো নাছিল, দয়া-মায়া-মমতা। সকলো যেন শেষ।

  অতি সাধাৰণ তিনিটা শব্দৰ এটা বাক্য। অথচ সেইটোৱে মোক এনেদৰে কাহিল কৰিব পাৰিছিল বুলি ভাবিলে এতিয়া আচৰিতেই লাগে। কিন্তু তেনেকৈ মোক বিহ্বল কৰি পেলোৱাৰ কাৰণো আছে। একমাত্ৰ মোৰ বাছনি আৰু ইচ্ছামতে হোৱা আমাৰ বিয়াখনত মা-দেউতা বা আমাৰ বংশ-পৰিয়ালৰ কাৰোৱেই সন্মতি নাছিল। মাত্ৰ এই মানুহজনক পাবৰ বাবেই বিয়াৰ আগৰ পাঁচ-ছবছৰ মই অশেষ কষ্ট সহ্য কৰিছিলো। নানা প্ৰলোভনকো দৃঢ়তাৰে ত্যাগ কৰি মোৰ মানুহজনৰ বিশ্বাসক জীয়াই ৰাখিছিলো। শেষত মোৰ ঘৰখনে মান্তি হৈছিল। মোৰ জেদৰ ওচৰত হাৰ মানি সামাজিকভাৱেই মোক এওঁৰ হাতত অৰ্পণ কৰিছিল। তেওঁক যে মই ভালপাওঁ— তেওঁক বা আনক বুজোৱাৰ দৰ্কাৰ নাই। মই ভগৱানৰ ওচৰত তেওঁক ভিক্ষা মাগিছিলো। কি হৈছিল মোৰ? কিহৰ বাবে তেওঁৰ প্ৰতি ইমানকৈ আকৰ্ষিত হৈছিলো! তেওঁতো অসামান্য ৰূপবান নহয়, অসাধাৰণ পদবীও তেওঁৰ নাছিল। নাছিল কোনো উল্লেখযোগ্য চাৰিত্ৰিক বৈশিষ্ট্য। তেন্তে? ক্ষীণ, বগা, সুস্বাস্থ্যৰ, এমূৰ ভৰ্ত্তি চুলিৰে এজন মজলীয়া চৰকাৰী চাকৰিয়াল। ঘৰ গাঁৱত। ঘৰুৱা অৱস্থাও বৰ ভাল নাছিল। কিন্তু মোৰ ভাৱ হৈছিল এইবোৰৰ মাজতেই যেন মোৰ বাবে কিবা এটা আছে। তেওঁ যেন মোৰ বাবেই। মোৰ ভাৱ হৈছিল কেনেবাকৈ যদি আমি দুয়ো মিলিত হ’ব নোৱাৰো, তেন্তে আমাৰ জীৱন দুটা যেন আধৰুৱা হৈ ৰ'ব। মই কাকো বুজাব নোৱাৰিম; মোৰ অন্তৰত তেওঁৰ বাবে কেনে এক পবিত্ৰ আসন পতা আছিল। সামান্যতমো অপবাদৰ চেকা,