পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একুৰি এটা গল্প॥ ১৯

হ’ল— বুজিলে— ই ৰাজনীতিৰ মেৰপেচৰ ফল। শালৈক কিন্তু অসন্তুষ্ট হোৱা দেখা নগ'ল। বৰং অধিক আনন্দৰে নতুন হেডমাষ্টৰক তেওঁ স্বাগতম জনালে। শিক্ষকতা বৃত্তিক শ্ৰদ্ধা সহকাৰে লৈ আজীৱন শিক্ষাৰ বাটত পোহৰ বিলাই যাবলৈ তেওঁ সংকল্পবদ্ধ হ’ল।
 অত্যন্ত সৎ আৰু নিষ্ঠাৱান বুলি অঞ্চলটোৰ ৰাইজে শালৈক আগৰে পৰা জানিছিল। গতিকে প্ৰায়খিনি মানুহেই নিজৰ ল'ৰা-ছোৱালীক শালৈৰ হাতত ‘মানুহ কৰা’ৰ দায়িত্ব দি নিশ্চিন্ত হল। স্কুলৰ চাৰিবেৰৰ বাহিৰেও বাটে বজাৰে, সভাই-সমিতিয়ে সকলোতে শালৈৰ শিক্ষক সত্তাই ক্ৰিয়া কৰি থকাৰ ফলত কোনো ছাত্ৰই তেওঁৰ চকুত ফাকি দি দুষ্ট কাৰ্য কৰি সাৰি যাব নোৱাৰে। অভিভাৱকসকলৰ লগতে অঞ্চলটোৰ আন আন মানুহ, আনকি ছাত্ৰ সমাজৰো তেওঁ প্ৰিয় পাত্ৰ আৰু শ্ৰদ্ধেয় হৈ পৰিল। কাকো কোনোদিনে কঠিন মাতেৰে কথা নোকোৱা, অতি দুষ্ট প্ৰকৃতিজনৰ লগতো শান্তব্যৱহাৰ, নম্ৰতা, ধীৰ-স্থিৰ গতি তেওঁৰ স্বভাৱৰ বৈশিষ্ট্য।
 সময়ৰ পৰিৱৰ্তন হ'ল। ঠাইখনত বহুতো নতুন মানুহৰ সমাগম হ’ল। যোৱা ৪০টা বছৰে বেলেগ বেলেগ স্কুল, অফিচ আদি গঢ়ি উঠি ঠাইখন কিছু পৰিমাণে নগৰকেন্দ্ৰিক হৈ পৰিল। শালৈৰ লগৰকেইজনে সময়ৰ কুটিলতা চিনি-জানি লৈ কোনো ৰাজনৈতিক নেতাৰ দ্বাৰস্থ হৈ হয় পদোন্নতি লভিলে, নহয় অন্য আৰু বেছি সুবিধাজনক ঠাইলৈ বদলি হৈ গ'ল। তেওঁলোকৰ ঠাইত নতুন শিক্ষক আহিল। শৈক্ষিক বাতাবৰণ সলনি হ'ল। সমাজৰ সৰ্বত্ৰ বিয়পি পৰা ৰাজনীতি শিক্ষাৰ মাজতো সোমাই গ'ল। ফলত সকলোবোৰ জটিল হৈ পৰিল। আগৰ সহজ অংকৰ বৰ্তমানৰ জটিল পদ্ধতি গ্ৰহণ নকৰাকৈ শালৈ একেদৰেই থাকি গ'ল। একেই পৰিপাটী, একেই সময়ানুৱৰ্তিতা, একেই প্ৰজ্ঞাৰ পোহৰ। দুৰ্নীতিৰ স'তে কোনোদিনে আপোচ নকৰা এই মানুহজনক কৰ্মক্ষেত্ৰত কোনোবাই পেটে পেটে বেয়া পালেও সন্মুখত কিন্তু তেওঁৰ ব্যক্তিত্বৰ বাবেই একো ক'ব নোৱাৰে।
 ক'ব পাৰে একমাত্ৰ পৰিবাৰ দীক্ষাই। প্ৰদীপ শালৈৰ সময়ানুবৰ্তিতা, সততাক বাস্তৱৰ কঠোৰতাৰ মুখামুখি হোৱা দীক্ষাই কটাক্ষপাত কৰিব পাৰে। কৰেও। স্কুললৈ যোৱাৰ নিৰ্ধাৰিত সময়ৰ এক মিনিটো লৰচৰ নকৰা শালৈৰ কেতিয়াবা ভাত নোহোৱাৰ বাবেই নোখোৱাকৈ ওলাই যাব ধৰিলে সংসাৰৰ বোজা টানি টানি কাহিল হোৱা দীক্ষাই কয়—'এদিন ১০ মিনিট দেৰিকৈ স্কুললৈ গ'লে 'মহাভাৰত' অশুদ্ধ হৈ নাযায়। '