পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একুৰি এটা গল্প ॥ ১৫

খিৰিকীৰ পৰ্দাৰ ফাকেৰে মুখখন উলিয়াই চিঞৰিলে— 'সাপ, সাপ। '
 সীমাৰ গিৰিয়েক সেই সময়ত অফিচৰ পৰা আহি কোৱাৰ্টাৰৰ তলতে কাৰোবাৰ লগত কথা পাতি আছিল। সীমাৰ চিঞৰ শুনি তেওঁ প্ৰায় দৌৰি অহাদি আহি ঘৰৰ ভিতৰ সোমাই মাতিলে— সীমা। ইতিমধ্যে সীমাই নাইটি এটাৰে নিজৰ দেহ আবৃত কৰিছিল। সীমাৰ “সাপ, সাপ’ চিঞৰটোৰে জহকালি আবেলিৰ জুৰ বতাহ লৈ থকা আৱাসিক চৌহদটোৰ আন কেইবাজনো পুৰুষক আকৃষ্ট কৰিছিল। সীমাৰ গিৰিয়েকৰ পাছে পাছে সেয়ে তেওঁলোকৰ কেইজনমানো ঘৰৰ ভিতৰ সোমাই আহিছিল। সীমাৰ নিৰ্দেশত আটাইবোৰে সেইফালে চালে। হয়, বাথৰূমৰ খিৰিকীখনতে লাগি থকা অমিতাজোপাৰ আগটোত এডাল সাপ। দীঘল হালধীয়া আঁচ থকা ঈষৎ সেউজীয়া-মটীয়া ৰঙৰ সাপল অকাই-পকাই থকা দেখি মানুহকেইজনৰ এজনে প্ৰাণীবিজ্ঞানৰ মহত্ত্বম জ্ঞানসমৃদ্ধ মন্তব্য দিলে— ‘সেইটো এটা বিষাক্ত সাপ। ' লগে লগে বাকীখিনিৰ ততাতৈয়া লাগি গ'ল— সাপডাল মাৰিব লাগিব। ভাগ্য ভাল সি যে ঘৰত সোমোৱা নাই। মানুহকেইজনৰ মাজৰ সাহসী এজনে আগবাঢ়ি গৈ সাৱধানে খিৰিকীখন জপাই দিব পৰাত সকলোৱে সামান্য আশ্বস্ত হ'ল। ৰক্ষা, ভিতৰত সি আৰু সোমাব নোৱাৰে। কিন্তু এইটো এনেকৈয়ে থাকিবনে?
 — নাই নাই, ই সাংঘাতিক বিষাক্ত। দেখা নাই তাৰ মূৰটো? মাৰিব লাগিব। তাক এক্কেবাৰেই এৰি দিয়া উচিত নহ'ব।
 — হয় হয়, মাৰিব লাগিব।
 — কিন্তু কেনেকৈ মৰা যায়?
 — সি যি ঠাইত আছে, তালৈ গৈ তাক মাৰিব পৰা নাযাব নহয়!
 — তাক তললৈ নমাব লাগিব।
 — কেনেকৈ? সিতো আৰু নিজে নামি যাওঁ বুলি নামি নাযায়।
 — ব’লকচোন বাহিৰৰ পৰা চাই লওঁ।
 সীমাৰ গিৰিয়েক সমন্বিতে আটাইকেইজন বাহিৰলৈ ওলাই গৈ গছজোপা থকা ঠাইডোখৰৰ তলত ৰৈ দিলে। এজনে চিঞৰিলে— সাৱধান। একেবাৰে তললৈ নাযাব। সাপৰ সৰু-বৰ নাই। ইহঁতক বিশ্বাস কৰিব নাপায়। ফট্‌কৈ যদি সৰি মূৰৰ ওপৰত পৰে! তক্ষকৰ কথা ভাবকচোন... | আটাইবোৰ মানুহ সচেতন হ’ল। প্ৰত্যেকৰে হাতত ক’ব নোৱৰাকৈয়ে সৰু বৰ লাঠীসদৃশ একোডাল অস্ত্ৰ। ওপৰৰ বেলকনিৰ পৰা চাই থকা সীমাৰ অলপ বেয়া লাগিবলৈ ধৰিলে। তাইৰ