পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০ • একুৰি এটা গল্প
 

হ’বলগীয়া টকাৰ অংকটোৰ কথা শুনিয়েই দেউতাৰ মুখ শুকাই গৈছিল যদিও মাৰ উৎসাহ আৰু মোৰ আগ্ৰহে তেওঁক পুনৰ জীপাল কৰিলে। স্বাভাৱিকতেই খেতিৰ ওপৰতে জীৱন নিৰ্বাহ কৰা পৰিয়াল এটাই ইমান ডাঙৰ খৰচ বহন কৰাটো কষ্টসাধ্য হৈ পৰিছিল। মই সেইটো আগতে অনুধাৱন কৰিব পৰা নাছিলো। পৰা হ'লে হয়তো আজিৰ এই বিচাৰৰ অৱতাৰণাই নহ'লহেঁতেন! আমাৰ পৰিয়ালৰ নিকটাত্মীয় মানুহখিনিয়ে পাকে প্ৰকাৰে মা-দেউতাক উপলুঙা কৰিবলৈ ধৰিলে— আঠুৱা চাই ঠেং নেমেলাৰ বাবে। কিন্তু মই তেওঁলোকৰ একমাত্ৰ সন্তান হোৱা বাবে সকলো কষ্ট সহ্য কৰি মোৰ ইচ্ছাক ৰূপ দিবলৈ বদ্ধপৰিকৰ হ’ল। ইতিমধ্যেই ঘৰত ভীষণ আৰ্থিক দৈন্যতাই দেখা দিছিল। বছৰেকীয়া সমুদায় উপাৰ্জন গোটায়ো মোৰ বছৰটোৰ খৰচ যোগাৰ নহয়। সেয়ে ধন ৰাহি কৰিবলৈ বুলি অহা-যোৱাত খৰচ বেছি হয় বাবে মোৰ অধ্যয়নৰ শেষৰ তিনিবছৰ মই ঘৰলৈ নহাকৈ থাকিলো। মই মনপুতি পঢ়িছিলো। মা-দেউতাৰ আশা ফলৱৰ্তী কৰিবলৈ ময়ো বৰ কষ্ট কৰিছিলো। যত যত যিমান খৰচ কমাই চলিব পাৰি তত মই তেনেকৈ ‘মেনেজ কৰিছিলো। বৰ্তমান মানুহে ভবাৰ দৰে মই মদ, চিগাৰেট একো খোৱা নাছিলো। মাত্ৰ এটাই কু-অভ্যাস হৈছিল— লগ-সমনীয়াৰ লগত গৈ ৰেষ্টুৰেণ্টত দেখিলেই জিভাৰ পানী পৰা নানা তৰহৰ সু-স্বাদু খাদ্য খোৱাটো। মই পাছত অনুভৱ কৰিছিলো যে তেনেকৈ খৰচ নকৰাহলে হয়তো মোৰ মা-দেউতাৰ শ কেইটা পুৰিবলৈকে অন্ততঃ ভাল খৰি কেইডালমানকে যোগাৰ কৰিব পাৰিলোহেঁতেন। মোৰ অধ্যয়নৰ শেষ বছৰত দেউতাৰ হাতত থকা শেষ দুবিঘা মাটি আৰু ঘৰ-ভেটি বন্ধকত গৈছিল। সকলোবোৰ কথা তেতিয়া মাহঁতে মোক কোৱা নাছিল। তেওঁলোকৰ আশা আছিল বিক্ৰী কৰি কৰি শেষ কৰা অৱশিষ্ট মাটিৰ দুবিঘা আৰু ঘৰ-ভেটিখিনিক মই চাকৰি পালেই উদ্ধাৰ কৰিম। সকলোৱে দেখুওৱা ৰঙীন সপোনত তেওঁলোকে শেষলৈ বিভোৰ হৈছিল। মই পঢ়া শেষ হোৱাৰ লগে লগে চাকৰি পাম আৰু তাৰো দৰমহা হ’বগৈ পাৰে অৰ্ধলক্ষাধিক টকা প্ৰতিমাহে। মোৰ পঢ়া শেষ। পৰীক্ষাৰ ফলাফল মই আশা কৰা ধৰণেৰেই হ’ল। প্ৰথম বিভাগত পাছ কৰিলো, তিনিটা মাহ কঠোৰ সংগ্ৰাম কৰি মই চাকৰি এটাও যোগাৰ কৰিলো। মাহে ৪৫ হেজাৰ টকা। পিছলৈ বঢ়াৰ আশা আছে। মা-দেউতাই ফোনতেই যেন মোক সাৱটি ধৰি চুমা খাব! আনন্দত পাৰাপাৰ নোহোৱা হ’ল। কোনোমতে এমাহ পাৰ কৰি প্ৰথম। মাহৰ দৰমহাৰ লগতে বছৰটোত পাবলগা পোন্ধৰ দিনৰ ছুটীৰ সাত দিন আগতীয়াকৈ লৈ মা-দেউতাক দেখা কৰিবলৈ আহিলো। চাৰে-তিনিবছৰ আগতে