পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪•একুৰি এটা গল্প
 

তাইক ইংৰাজী মাধ্যমৰ স্কুলতেই নাম লগাই দিয়া হওক। আজৰি সময়ত তাই জুলিক অসমীয়া শিকাব। শিকাবই। তাই জীয়াই থাকোতে জুলিক নিজৰ মাতৃভাষাটোকে জোটাই জোটাই পঢ়িব লগা কৰি নথয়। পাকঘৰৰ কাম সামৰি উমাই জুলিৰ ওচৰত বহি এটা এটাকৈ ইংৰাজীৰ বৰ্ণবোৰ শিকাই যাবলৈ ধৰিলে। তেনেতে গৌতম আহি অলপ দূৰত থিয় হ’ল। উমাই তাক দেখিও নেদেখাৰ ভাও জুৰি পঢ়ুৱাই যাবলৈ ধৰিলে। গৌতমৰ লাজ লাগিল। বৰ বেয়াধৰণে যেন উমাৰ ব্যক্তিত্বৰ ওচৰত সি আজি হাৰ মানিলে! নিয়মমতে উমাই আজি বিদ্ৰোহ কৰিব লাগিছিল। গৌতমে কৰা ককৰ্থনাৰ বাবে উমাই অদ্ভুত কিবা এটা আচৰণ। কৰাহ’লে চাগে সি বেয়া নাপালেহেঁতেন! তাৰ চিন্তাধাৰাক ভ্ৰান্ত বুলি প্ৰতিপন্ন কৰিবলৈ তাই আজি বিদ্ৰোহ কিয় নকৰিলে? সিতো সত্য নহয়। দেশৰ প্ৰতি, জাতিৰ প্ৰতি, প্ৰত্যেকৰে কৰ্তব্য আছে। তেনেস্থলত এটা ভুল পথ ধৰি আগবাঢ়ি যোৱাত উমাই তাক যুদ্ধ কৰি হ'লেও বাধা দিয়া নাই কিয়? সি ভুল কৰিছে। ৰঘুমলাৰ দৰে ছানি ধৰিব খোজা অপৰিপক্ক ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে লাহে লাহে আমাৰ জাতিটো ধ্বংস কৰিব ধৰিছে। ৰাতিপুৱাৰে পৰা ভাবি ভাবি সি এতিয়া উপলব্ধি কৰিব পাৰিছে যে এই বিদ্যালয়বোৰ আচলতে একোটা বেপাৰৰ আহিলা। কিছু লোকে টকা ঘটাৰ বাবে গাঁৱে-চহৰে এনে কিছুমান অনুষ্ঠানৰ গঢ় দি আহিছে। উমাৰ কথাত সত্যতা আছে। যদিহে প্ৰতিজন অভিভাৱকে ইংৰাজী স্কুলত খৰচ কৰা টকাখিনি তেওঁলোকৰ ল'ৰা-ছোৱালীক অসমীয়া বিদ্যালয়ত দি তাৰ হকে খৰচ কৰে আৰু ইংৰাজী স্কুলৰ শিক্ষা পদ্ধতি বা আন বিষয়ত দেখুওৱা সচেতনতাখিনি অসমীয়া মাধ্যমৰ স্কুলত দেখুৱায়— কাৰ সাধ্য আছে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰক পিছ পেলাই ৰখাৰ? এৰা, উমাজনীয়ে বৰ সুন্দৰ কথা ক’ব পাৰে! আঁতৰৰ পৰা লক্ষ্য কৰি গৌতমে উমাৰ মুখত এক অৱক্ষয়হীন ব্যক্তিত্বৰ জ্যোতি দেখা পালে। এখোজ দুখোজকৈ আহি গৌতম উমাৰ পাছত ৰ’লহি। উমাই তেতিয়া পঢ়ুৱাই আছিল— A for Apple, B for Ball..। উমাৰ চকুদুটা পাছফালৰ পৰা আলফুলে ঢাকি ধৰি গৌতমে জুলিক ক'লে— এ ফৰ এপ্পল নহয় মা, আৰ পৰা আপেল....! দুচকুৰ পৰা গৌতমৰ হাতদুখন আঁতৰাই উমাই অবুজভাৱেৰে তাৰ মুখলৈ চালে। গৌতমে মিচিকিয়া হাঁহি এটাৰে লাহে লাহে মূৰটো দুপিয়াই কলে—ওঁ। কালিলৈ বুধবাৰ। মই তুমি কোৱা প্ৰাইমেৰী স্কুলখনৰ হেডমাষ্টৰক লগ ধৰিমগৈ জুলিৰ নামভৰ্ত্তিৰ বাবে। — জুলিয়ে দেখিলে, মাকৰ বগা গোল মুখখনলৈ এই হাঁহিব-এই হাঁহিব যেন লগা ভাবটো আকৌ ঘূৰি আহিছে। তাই আনন্দতে কিৰিলিয়াই হাত-চাপৰি বজাই দিলে।