পাব! কঁপা কঁপা ভৰিৰে তাইৰ ওপৰত উঠিবলৈ লওঁতেই মাকে তাইলৈ যেনেদৰে
পোন্দোৱাকৈ চালে যে তাইৰ তালু ফুটি জীৱ ওলাই গল। হাতৰ কেৰেলা পকা
মজিয়াত সৰি পৰি ইফালে সিফালে দৌৰিবলৈ ধৰিলে। কোনোমতে তাই খঞ্জপকৈ
মূঢ়াটোৰ নামি দুপদুপাইলৰ মাৰি ওলাই গ'ল। ধেৎতেৰি!– তাই মনতে ভাবিলে—
কিহৰ পৰা কি হ'লগৈ বাৰু? আগতে মাক-দেউতাকৰ কিবা কথাত খং উঠিলে
সেইকেইদিন তাইৰ গুৰুত্ব বৃদ্ধিহে পায়। প্ৰতিটো কথাতে ইফালৰ পৰা মাকে, সিফালৰ
পৰা দেউতাকে জুলি জুলিকৈ মাতি তাইৰ থৰকাছুটি হেৰুৱাই দিয়ে। সেইকেইটা দিন।
তাই মাক বাপেকৰ মাজত তাঁতৰ মাকোটোৰ নিচিনাকৈ ইফালৰ খবৰ সিফালত
দিবলগীয়া হয়। কিন্তু আজি কি হ'ল? আটাইৰে খং; তাতে আকৌ তাইকো নামাতে।
তাইৰ অকণমান মগজুটোৱে ভাবিয়েই পোৱা নাই তাইক কোনেও কিয় নামাতে!
শেষত কণমানি জুলিয়েই ঠিক কৰিলে— তায়ো ভেম পাতি গহীন
হ’ব। ডাঙৰ মানুহৰ দৰে তাই গহীন ভাব এটা আনিবলৈ চেষ্টা কৰি দেউতাকে
আনি দিয়া চকীখনত বহি ললে। নতুনকৈ স্কুলত নাম লগাব বুলি কেইদিনমানৰ
পৰা তাইৰ মনত বৰ ফুৰ্তি আছিল। কত ধৰণৰ যে কিতাপ! নানা ৰঙৰ ছবি থকা
কিতাপবোৰ তাইৰ বৰ ভাল লাগিছে। তাই কিতাপৰ দমটোৰ পৰা বাছি বাছি
এখন কিতাপ উলিয়াই ল'লে। কিতাপখন কিছু পুৰণি হ’ল। হলেও এইখন তাইৰ
বৰ ভাল লাগে। কবিতাবোৰযে ইমান মজাৰ! কিতাপখন মেলি লৈ তাই যদিও
আখৰবোৰেই ভালদৰে চিনি উঠা নাই, তথাপি মাকে দুমাহমান আগৰে পৰা শিকাই
শিকাই মুখস্থ কৰোৱা কবিতা এটাকে গাবলৈ ধৰিলে। প্ৰথমতে সৰু সৰুকৈ আৰু
পাছত তাই ডাঙৰ মাতেৰে গাবলৈ ধৰিলে—
“ঘড়ীটোৱে কয় শুনা
টিক্ টিক্ টিক্।
সময় গৈছে উৰি}}
ঠিক্ ঠিক্ ঠিক্॥”
... আৰু কিবা গোৱাৰ আগতেই
চাদৰৰ আঁচলত হাত মচি মচি জুলিৰ মাক উমা বেগেৰে সোমাই আহিল আৰু জুলিৰ আগৰ পৰা কিতাপখন আঁতৰাই দিলে। উমাই ক'লে— মাজনী, আজিৰ পৰা তুমি আৰু এই অসমীয়া কিতাপবোৰ পঢ়িব নালাগে; দেউতাৰাই যে আনি দিছে নতুন ধুনীয়া কিতাপবোৰ, সেইবোৰ পঢ়িব লাগিব। তোমাক ইংৰাজী স্কুলতে নাম লগাই দিব। গতিকে এ, বি, চি, ডি.......কেইটাকে শিকাচোন। কথাখিনি যদিও উম্মাহীন আছিল, তথাপি তাত যেন নিজৰ নিৰুপায় অক্ষমতাহে প্ৰকাশ পাইছিল! কণমানি জুলিৰ অন্তৰে মানি নল'লে— মা, ইমানদিনৰ পৰা