পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১০৫
 

কিমান পৰ তাই টেবুলত মূৰ খুঁজি আছিল ক'ব নোৱাৰিলে। ঘন ঘনকৈ মৰা কলিং বেলৰ শব্দত তাই চক্ খাই গ'ল। কোঠাৰ ভিতৰখন প্ৰায় গোমা হৈ পৰিছে। ঘড়ীটোলৈ চালে। চাৰি বাজো বাজো। জাৰৰ দিন। পূৰৱী বৰ্তমানলৈ উভতিলে। খপজপকৈ কাগজখিনি টেবুল কাপোৰখনৰ তলত ভৰাই থৈ তাই দৌৰ মাৰি গৈ দৰ্জা মেলিলে। ছোৱালী ৰীতা আহিছে কলেজৰ পৰা কি কৰি আছিলা মা? ইম্মান বেল বজাইছো! আজি দেখোন চোতালৰ পৰা আচাৰ, কাপোৰ একো সামৰাও নাই! শুইছিলা?
  —নাই, নাই। কিয় শুম? কতনো শুবলৈ যাওঁ? এই এনেয়ে আছিলো। ৰীতাৰ অবাক চাৱনি এনেয়ে?
  অ’ আছিলো আৰু কিবা এটা কৰি। তই যা ভিতৰলৈ। হাত-মুখ ধোগৈ। মই এই সাউতকৈ এইকেইটা সামৰি গৈ আছো।
  পূৰৱী চোতালৰ বস্তুবোৰ সামৰাত লাগিল। নিজান ঘৰখনত বৰ্তমান তাই, নিৰ্মল আৰু ল'ৰা-ছোৱালীহাল। শহুৰ-শাহু ঢুকোৱা তিনি বছৰমান হ’ল। কলেজৰ পৰা অহা গাভৰু জীয়েকৰ পৰিচৰ্যাৰ বাবে তাই চোতালত থকা কানি-কাপোৰ, আচাৰৰ বটল ইত্যাদি সামৰি চিধাই পাকঘৰ পালেগৈ। অলপ আগলৈকে থকা স্বপ্নৰ জগতখনলৈ তাইৰ চেৰেং চেৰেং মনত পৰিলেও বৰ্তমান তাই তালৈ যাব নোৱৰা হ’ল। টেবুল কাপোৰখনৰ তলত সুমুৱাই থৈ অহা বগা কাগজকেইখনলৈ তাই মনঃসংযোগ কৰিবলৈ আহৰিয়ে নোপোৱা হ'ল। ৰীতাৰ পাছতে আহিল ৰাতুল। তাৰ পাছত নিৰ্মল। সিহঁতৰ ভালপৈচান ধৰি সন্ধিয়া ধূনা-চাকি জ্বলাই আকৌ ৰন্ধা-বঢ়া। অৱশেষত ৰাতি প্ৰায় এঘাৰমান বজাত চিৰলগৰী পাকঘৰৰ পৰা দিনটোলৈ মুক্তি। তাইৰ বৰ ভাগৰ লাগিছে। বগা কাগজকেইখিলালৈ মনত পৰিল। আঃ! কিবা লিখা গ'ল! নিয়াৰিকৈ যদি লেখা হৈছিল তেনেকৈয়ে বাৰু গল্প, উপন্যাস আদি লিখে নেকি? কাক সুধিব? ধেৎ, কাকো নোসোধে তাই। তাই লিখি যাব। তাই জীৱনৰ পোৱা-নোপোৱাখিনি আনে ধৰিব নোৱৰাকৈ লিখি যাব আৰু শেষত সেই লিখাবোৰ কোনোবা আলোচনীৰ প্ৰকাশকলৈ দি পঠিয়াব। চাৰিবেৰৰ মাজত থাকিও তাই পৃথিৱীত জীয়াই থকাৰ চিন ৰাখি যাব। পৰিয়ালৰ বাহিৰৰ মানুহেও এটা সময়ত তাইক চিনি পাব। তাইৰো এটা নিজা পৰিচয় থাকিব...।
  সেইদিনাৰে পৰা দুপৰীয়াৰ নিৰিবিলি সময়খিনিৰ বাবে পূৰৱীয়ে প্ৰথম প্ৰেমিক-প্ৰেমিকাৰ মিলনৰ আগ্ৰহৰ দৰেই অপেক্ষা কৰি থকা হ'ল। আগতকৈও খৰধৰকৈ নিয়াৰিকৈ তাই ঘৰুৱা কামবোৰৰ লেঠা মাৰি দুপৰীয়াৰ গোটেই সময়খিনি