পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প •১০৪
 

বছৰীয়া যুগ্ম জীৱনত তাই নিৰ্মলৰ পৰা সখ্যতা বিচাৰি কেৱল প্ৰভূত্বহে পালে। সি দিয়া প্ৰতিটো আদেশ-নিৰ্দেশ তাই পালন কৰিবলৈ প্ৰতি পল সষ্টম হৈ থকাৰ পাছতো তাইৰ জীৱনতো যে কিবা অইন হাবিয়াস আছে সেয়া সি এবাৰলৈওঅনুভৱ কিয় নকৰিলে? তাৰ এই অমনোযোগিতা ইচ্ছাকৃতই নিশ্চয়! নহ'লে যে তাৰ দৈনন্দিন জীৱনত আউল লাগিব।
  গিৰিয়েকৰ অনুমতি নোহোৱাকৈও তাই মানুহ হিচাপে কিবা কৰিব। তাই নাৰী হিচাপে নহয়, এজন মানুহ হিচাপে কিবা নতুন কৰিব। নাৰী হিচাপে কৰিবলগীয়া দায়িত্বসমূহ প্ৰায় শেষেই কৰিছে। ল’ৰা-ছোৱালী দুটিও ডাঙৰ হৈছে। বেছ নম্ৰ আৰু সৎ। এগৰাকী ভাল মাতৃ বুলি তাইৰ সুনামো আছে। বাহিৰত সকলোৱে তাইৰ সংসাৰখনক শলাগে।
  তাই খিৰিকী কাষৰ পৰা উঠি আহিল। সুন্দৰ ডিজাইনেৰে ফুল তুলি বা ছুৱেটাৰ গুঁঠি সময় নকটাওঁ বুলি তাই হাতৰ কামখিনি এৰি দিলে। পূৰৱী ৰীতাৰ পঢ়া টেবুলখনৰ ওচৰলৈ আহিল। এৰাতো, তাইৰ বাবেতো ঘৰখনত সুকীয়া টেবুল-চকী এযোৰাও নাই। বিভিন্ন কাকত-আলোচনী তাই নিৰ্মলৰ টেবুলৰ পৰাই আনি পঢ়ে আৰু যথাস্থানত থৈ দিয়ে। ঘৰৰ হিচাপ-পত্ৰ আৰু সম্বন্ধীয় কাৰোবালৈ চিঠি লিখিবৰ হ'লে তাই বহল পালেংখনৰ এমূৰে পেট পেলাই শুই লিখে। তাইৰ হাঁহি উঠি গ'ল— গোটেই ঘৰখনেই মোৰ; অথচ মোৰ নিজৰ বাবে ক'তো অকণো ঠাই নাই। কোনোবা আলোচনী এখনত কোনো নাৰীবাদী লেখকৰ লেখনীত পঢ়িবলৈ পাইছিল—নাৰীৰ স্বাধীনতা হেনো বিয়াৰ পাছতেই সম্পূৰ্ণৰূপে খৰ্ব হয়; তাৰ জ্বলন্ত উদাহৰণ— পিতৃগৃহত একচেটিয়াকৈ পোৱা পঢ়া চকী-মেজযোৰাৰ বিয়াৰ পাছত নতুন ঘৰখনত হোৱা অন্তৰ্ধান। কিন্তু ইয়াৰ বাবে কোন দোষী?তায়োতো আজিলৈকে কোনোদিনে নিজৰ বাবে এযোৰ চকী-মেজ লাগে বুলি অনুভৱ কৰা নাছিল! তাই বাৰাণ্ডাৰ চুকত থকা ৰীতা-ৰাতুলৰ সৰুকালৰ পঢ়া টেবুলখন জাৰি-জোকাৰি চাফা কৰি ভিতৰলৈ আনি শোৱাকোঠাৰে এচুকত পাতি ল'লে। ডাঙৰ মূঢ়া এটাৰে চকীৰ কাম হ’ব। পূৰৱীয়ে এটা উশাহ টানি ল'লে। আজিৰ পৰাই তাইৰ নতুন কাম আৰম্ভ হ'ব। তাই ৰীতাৰ টেবুলৰ পৰা বগা কাগজ এসোপা আৰু নিৰ্মলৰ পেনদানীৰ পৰা এটা পেন আনি ল'লে। নীলা চিয়াঁহীৰে উকা কাগজৰ বুকুত আঁকি যাবলৈ ধৰিলে তাই পাৰ হৈ অহা জীৱনছোৱাৰ ছবি। গচকি অহা দিনবোৰৰ হিচাপ-নিকাচ কৰোঁতে আৰম্ভণিতে খোকোজা লাগি ধৰাৰ দৰে হৈছিল যদিও অকণমান পাছতেই অনৰ্গল তাইৰ কলমেৰে লেখি যাব ধৰিলে ইতিহাস...।