শেষত, মুখেৰেই তিনিবাৰ মান ফু মাৰি হাতেৰেও অলপ মহাৰি কৰি লৈ সি তাতে বহি ললে।
কৰিবলৈ আন একো নথকাত সি পকেটৰ পৰা ফোনটো উলিয়াই ল’লে।
এ ৰাম! ফোনটোত দেখোন ছাৰ্জ নায়েই!
ঠিক আছে, ছাৰ্জাৰডাল লৈ আনিবগৈ লাগিব তেন্তে।
এইবাৰ সি জয়ন্তৰ নাম্বাৰটো উলিয়াই ল'লে।
‘চা ভাই, মই যিকোনো সময়তে খবৰ দিম। তই গাড়ীখন লৈ আহিবি!’
আৰু কি কৰিব পাৰি ভাবি ভাবি তলৰ ওঁঠখন কামুৰি সি বহি থাকিল।
তাৰ চকুৰ আগেদি দৃশ্যবোৰ এটা এটাকৈ আহি থাকিল।
এইখন নগৰত তাৰ ইতিমধ্যে তিনিটা ভাৰাঘৰ সলোৱা হ’ল।
প্ৰথমে যিটো ভাৰাঘৰত সি সোমাইছিলহি সেইটো কেঁচাঘৰ আছিল।
লগত মাইকী মানুহ এজনী নাথাকিলে কেঁচাঘৰ এটা চাফ-চিকুণ কৰি ৰখাই সমস্যা। ইফালে, ডঙুৱা ডেকাল’ৰা থকা ঘৰটোত বাহিৰা কাম্ লা বাই এজনী ৰখাটোও নিৰাপদ নহয়। দহজনে দহটা ৰটনা ৰটিব। অযথা টেনচন!
গতিকে, মজিয়াৰ ধুলি, খেৰৰ চালৰ কুটা, মকৰাজাল আৰু পইতাচোৰাৰ লগত বুজাবুজি কৰি সি তাত ছমাহমান যেনেতেনে কটালে।
তাতো আক’ মালিকনী গৰাকীৰ যিহে বৰ বৰ কথা!
তেওঁতো ঘৰৰ কামবোৰ কাম্লা বাই এজনীৰ হাততে গতাই দি সাজি- কাচি আৰামচে’ বহি থাকিব আৰু সংসাৰৰ যতমানে বাহাদুৰি মৰা কথাবোৰ ক’ব!
সি নতুন চাৰ্ট এটা পিন্ধা দেখিলেই তেওঁ কয়, এনেকুৱা চাৰ্ট এটা দাদাৰেও এবাৰ লৈছিল। পিছে, মইহে বোলো, ইমান পাতল ৰঙৰ কাপোৰ ভালেই নালাগে। পিন্ধিবলৈকে মন নকৰা হ’ল। এতিয়া, সৌটো আলনাত তেনেকৈয়ে পৰি আছে।
সিয়োনো এতিয়া সেইজাতীয় চাৰ্টটো কি বুলি পিন্ধিব আৰু!
খঙতে দাঁত কামুৰি কামুৰি সিয়ো চাৰ্টটো বিচনালৈকে দলিয়াই দিয়েগৈ।
আকৌ, দিনৰ সাঁজেই হওক বা ৰাতিৰ সাঁজেই হওক, সি কি ৰান্ধিছে, কেনেকৈ ৰান্ধিছে, তেওঁ খবৰ লৈয়ে থাকেহি৷ সি যিয়েই ৰান্ধক লাগিলে, দাদাকে যে সেইবোৰ মুখতেই নিদিয়ে সেই বিষয়ে বহলাই ক’বলৈ ধৰেহি।
এনেয়ে, মতা মানুহৰ হাতৰ ৰন্ধা! তাতে, এইবোৰ কথা! কি খাবা আৰু!
তদুপৰি, বিয়া এখনত তেওঁক দেখিয়েই দাদাকে কেনেকৈ তেওঁৰ পিছ নেৰাই হৈছিল আৰু মেট্ৰিক দিয়াৰ তিনিমাহৰ পিছতে তেওঁক কেনেকৈ বিয়া
কৰাই আনিলেই, তাৰ বৰ্ণনাখিনিতো আছেই। নহ'লে হেনো, তেওঁৰ নিচিনা মানুহ
৭০