আৰু ৰত্নাহঁতৰ ঘৰতে তাইক থৈ গৈছিল। তাত, ৰত্নাৰ লগতে তাইৰ বুঢ়ী মাক জনীয়েও তাইক চোৱা-চিতা কৰিছিল। বি.এ. পাছ কৰি ঘৰতে বহি থাকিবলগীয়া হোৱা ৰত্নাৰ বাবে মাতোৰ লগটো চাগে বৰ ভাল লগা হৈয়েই পৰিছিল।
তাতে, ছোৱালীজনীৰ কন্দা কটাৰ স্বভাৱটো নাছিল। যি দিছিল, তাকেই তাই খাইছিল আৰু ওজৰ-আপত্তি বুলিবলৈয়ো হেনো তাইৰ একো নাছিল।
মই ভাবো, তাইৰ পৰা তেওঁলোকে মাজে সময়ে কিবাকিবি একোটা অসুবিধা পাইছিল যদিও খুৰীহঁতক সেইবোৰ কথা জানিবলৈ দিয়া নাছিল।
নিশ্চয়কৈ, খুৰীক অসন্তুষ্ট কৰিবলৈ ৰত্নাহঁতৰ মন নাছিল। খুৰীক অসন্তুষ্ট কৰা মানেইতো তাইৰ সপোনটো নিজেই ভাঙি-চিঙি শেষ কৰি পেলোৱাহে।
এই সামান্য কথাটো বুজি নাপাবলৈ ৰত্না নিশ্চয়কৈ ইমান আঁকৰী নাছিল।
তাতে, দেউতাক নথকা ছোৱালীজনীৰ বিয়া-বাৰুৰ কথা চিন্তা কৰিবলৈ ঘৰখনত কোনোৱেই নাছিল। বুঢ়ী মাকজনী নামত আছিল যদিও কামত নাছিল।
তেনেস্থলত খুৰীয়ে তাইৰ বাবে কিছুহলেও আশাৰ ৰেঙনি কঢ়িয়াইছিল।
এতিয়া, ৰত্নাৰ দায়িত্ব হ’ল মাথোঁ খুৰীৰ হাতত মুঠিত থকা তাইৰ আশাৰ সেই ৰেঙনিটি অ-নিৰ্বাপিত কৰি ৰখাটো।
তাৰ বাবে তাই যিকোনো কাম কৰিবলৈ প্ৰস্তুত হৈ পৰিছিল।
আন কথাত ক'বলৈ হ'লে, তাই খুৰীৰ নিকিনা গোলাম হৈয়ে পৰিছিল।
আনকি, খুৰীহঁত নতুন ঘৰটোলৈ যাওঁতে ঘৰৰ আচবাব-পত্ৰখিনি কঢ়িওৱা কৰাতো তাই যথেষ্টখিনি কষ্ট কৰি দিছিলহি। এজনী ছোৱালীৰ বাবে সেই ধৰণৰ কামবোৰ কৰাটো নিশ্চয়কৈ বৰ এটা সুবিধাৰ কথা নাছিল।
অলপ পিছতে দেখোন ঘামত গাটো জুৰুলি-জুপুৰি হৈ পৰেই।
মুখত যিকণেই মেক আপ কৰি আহে, সেইকণো ঘামত বৈ গৈ মুখখন দেখিবলৈ একেবাৰে আপচু হৈয়ে পৰেগৈ।
আঁচুৰি অহা চুলিখিনিও আউল লাগি গোটেইজনী জাধলী হৈয়ে পৰে।
ডাঙৰ কথা হ’ল, সেই সময়তে আক’ আহি ওলাবহি খুৰীৰ কোনোবা নহয় কোনোবা এটা ভায়েক। নহ'লে, আন কোনোবা এটা অচিনাকি ডেকা ল'ৰা।
সঁচা কথা ক'বলৈ হ'লে, ল’ৰাৰ ক্ষেত্ৰত ছোৱালীবোৰে কোনো ৰিস্ক ‘ল’ব নিবিচাৰে। ক’বতো নোৱাৰি, কোনে কত কেতিয়া কাক পচন্দ কৰি পেলায়।
কিন্তু, ইমানদিনে খুৰীৰ খাচ মানুহজনী হৈ তাই যদি এইবোৰ কথা চিন্তা কৰি আঁতৰি আহে, তেতিয়া খুৰীয়ে বা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কিজানি, তাই ঘৰুৱা কাম বনখিনি কৰি আগলৈ ভায়েকৰ ঘৰখন ধৰিব
৬৫