পৃষ্ঠা:এই নদী.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মই অৱশ্যে নিজৰ মনৰ মাজতে শান্তি বিচাৰি ল’বলৈ শিকিছোঁ।

 হ’লেও, এই ক্ষেত্ৰত নিজুক নিৰাশ কৰাৰ মোৰ কোনো কাৰণ নাছিল।

 গতিকে, বিনাবাক্যেই তেওঁৰ পিছেপিছে মন্দিৰটোলৈ সোমাই গ'লো আৰু তাত তেওঁ যি যি কৰিলে সেইবোৰ গভীৰভাৱে লক্ষ্য কৰাত লাগিলো।

 তেওঁ যদি এইবোৰ কৰিয়েই মনত শান্তি পায়, কৰক! মোৰনো কি যায়!

 কিছু সময়ৰ পিছত, পৰম সন্তুষ্ট মনেৰে তেওঁ মন্দিৰটোৰ বাহিৰলৈ ওলাল আৰু বাইক ষ্টাৰ্ট কৰিলেহি।

 মইয়ো তেওঁৰ পিছতে উঠি ল’লো আৰু এইবাৰ ক'লৈ যাব, সুধিলো।

 তেওঁ বোলে, ‘চাহ অকণহে খাই লওঁনেকি!”

 চাহ একাপৰ প্ৰয়োজনীয়তা মইয়ো অনুভৱ নকৰাকৈ থকা নাছিলো।

 সেয়ে, অলপমান সজাই কৰি থোৱা ৰেষ্টোৰা এখনতে সোমাই দিলোগৈ।

 চাহ খাই লৈয়ে তেওঁ আক’ তামোল এখনৰ সন্ধান কৰিলে।

 তামোল এখন মুখত ভৰাই লৈয়েই তেওঁ মোক ক'লে, ‘উঠক!

 উঠিলো। তাৰ পিছতে আৰম্ভ হ'ল আমাৰ এক অনন্য অভিজ্ঞতা।

 মানে, নগৰখনৰ ৰাস্তাই ঘাটে গাড়ী-মটৰ চলোৱাৰ নীতি-নিয়ম বুলিবলৈ যেন একোৱেই নাই। যিয়ে যেনিয়েই সুবিধা পাইছে তেনিয়েই চলাইছে।

 আনকি, বাওঁফালে গৈয়ো আগৰ গাড়ীখনক অভাৰটেক কৰিছেগৈ।

 মাজে মাজে, তিনি আলি, চাৰি আলি একোটাত দেখো, একোজন অসহায় ট্ৰেফিক পুলিচে গাড়ী বাইকবোৰৰ মাজত সোমাই কেৱল সুহুৰি মাৰি ঘূৰি ফুৰিছে।

 লগতে, গাড়ী-বাইকবোৰৰ হৰ্ণৰ শ্ৰুতিকটু শব্দবোৰতো আছেই।

 ইফালে, ৰাস্তাৰ অৱস্থাও তথৈবচ। মানে, ভগা-চিগা আৰু লেতেৰা পানী!

 তাতে, মূৰৰ ওপৰত প্ৰচণ্ড ৰ’দ। ঘামত দেহা একেবাৰে জুৰুলি জুপুৰি।

 ধুলি-ধোঁৱাবোৰ লাগি মোৰ বগা চাৰ্টটো একেবাৰে লেতেৰা হৈয়ে গৈছে।

 লাহে লাহে, মোৰতো বিৰক্তি লাগিবলৈয়ে ধৰিলে।

 এবাৰ, মই বোলো, নাযাওঁ আৰু ক'লৈকো। উভতিয়েই যাওঁগৈ।

 ‘এ ৰ’ব! অকণমান দূৰহে!বুলি তেওঁ এক্সেলেটৰডাল পকাইহে দিলে।

 কিনো কৰিম, কিনো ক’ম।

 য’ত যি হয় হ’ব বুলি ওলাই আহিছোঁৱেই আৰু!

 এতিয়া, বাটত ঠেন ঠেন পেন পেন গেন গেনখন কৰিলে নহ'ব নহয়।

 অৱশ্যে, এটা কথা ঠিক, শিলচৰ টাউনত যি গাড়ী-বাইক চলাব পাৰিব

তাক বেলেগ একো পৰীক্ষা নোলোৱাকৈয়ে আন্তৰ্জাতিক ড্ৰাইভিং লাইচেন্স এখন

৫২