পৃষ্ঠা:এই নদী.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আনফালে, ৰেইলপথটোৰ ঠিক কাষৰে পৰাই আৰম্ভ হৈছে নতুন যাত্রীয়ে দেখিলেই অন্তৰ কঁপি যােৱা একোটা দ খাৱৈ।

 তাৰ তলতেই আক’ বৈ আছে খৰস্রোতা এখন পাহাৰী নৈ, দৈয়াং।

 নৈখনে মাজে মাজে ৰেইলপথটোৰ লগত কটাকটি কৰিছে।

 সেইবােৰ ঠাইত সজোৱা হৈছে একোখন সুদৃশ্য দলং।

 অলপ সাহ কৰি তললৈ চালে তলৰ গছবােৰৰ আগবােৰ দেখা যায়।

 কিন্তু, মােৰ সমুখত যে অতন্দ্র প্রহৰীৰ দৰেই ঠিয় দি আছে নিজু !

 তথাপিও, তেওঁৰ আঁৰৰ পৰাই যিমানকণকে পাৰিছোঁ, চাইছোঁ আৰু!

 মাজে মাজে একোটা সৰু-বৰ ষ্টেচনত কিছু ক্ষণৰ বাবে ট্ৰেইনখন ৰয়।

 হাতীখাল, জাতিংগা, বান্দৰখাল, মাহুৰ, পঞ্চগ্রাম, মাইবং,চলচাপাৰা, কাটাখাল, হাফলং, বৰপুৰ, অৰুণাচল।

 অৰুণাচল! আচৰিত। ইয়াত আক’ এইটো নাম কিয় দিয়া হ’ল।

 হ'ব, যাৰে যিটো নাম ভাল লাগে, দি থাকিব। আমাৰনাে কি?

 আমাৰ ঠাই চোৱাহে। য’তে যি দেখাে, এফালৰ পৰা চাই গলেই হ’ল।

 কোনােবাটো ষ্টেচনত নামি গৈ খাইছোঁগৈ মাটিকঁঠাল, মধুৰিআম, কল, কুঁহিয়াৰ, তিয়ঁহ। আন কোনােবাটোত খাইছোঁ আকৌ চাহ-বিস্কুট।

 খাইছোঁ আৰু লগতে চাৰিওফালে চাইছোঁ।

 বিভিন্ন বেশ-ভূষাৰ মানুহবােৰৰ অবােধ্য দোৱান কিছুমানাে কাণত পৰেহি।

 তেওঁলােক মঙ্গোলীয় মুখ-গঠনৰ জনগােষ্ঠীয় লােক।

 তেওঁলােকে নিজৰ মাজত নিজৰ নিজৰ দোৱান কয় যদিও আনৰ লগত অসমীয়া, বাংলা, হিন্দী, ইংৰাজী সব মাৰে।

 মূঠতে, ভাষাক লৈ আপােনাৰ কোনাে সমস্যা নাই।

 একো এটা ভাষা নকওঁ বুলি ভাবিলেও বডি-লেংগুৱেজেৰেও আপুনি কাম চলাব পাৰে। অন্ততঃ খােৱা-বােৱাৰ বিষয়ত আপােনাৰ কোনাে সমস্যা নহয়।

 বদৰপুৰ জংচনটোত ট্রেইনখন ৰােৱাৰ কিছু সময়ৰ পিছতে নবৌৱে, মানে নিজুৰ মাকে, টিফিন কেৰিয়াৰ এটাৰ পৰা শুকান ৰুটি আৰু চব্জি উলিয়ালে।

 লগতে, অলপ টেঙা আৰু অলপ জলা আচাৰ।

 কাগজৰ প্লেইট এখনতে তেওঁ আগবঢ়াই দিয়া ৰুটি-চব্জিখিনি হাত পাতি লওঁতে হঠাৎ মালৈ মনত পৰিল।

 একেই। এওঁৰাে কথা-কাণ্ডবােৰ আমাৰ মাৰ সৈতে মােটামুটি একেই।

 পৰিষ্কাৰ বগা সাজ পিন্ধা আৰু তামােল পকটিয়াই পকটিয়াই ধীৰে ধীৰে

৪৭