এদিন, অঁকৰাৰ দৰেই ‘আমাৰ বলিনক কেনেকুৱা পাইছা বুলি যে ৰশ্মিক সুধিছিলাহি, তেতিয়া তাই যে তােমাৰ ভাই-বােৱাৰীৰ তুল্য, সেই কথাটো তুমি কি পাহৰি গ'লা ?
আকৌ সিদিনা,বন্ধুৰ ছােৱালীজনীক খেলােৱাৰ নামত ওপৰলৈ দলিয়াই যে ঢােপ খেলিছিলা, তাই তেতিয়া কিমান ভয়ার্ত হৈছিল, তুমি কি দেখা নাছিলা?
তাই যদি হাতৰ পৰা পিছলি তললৈ পৰি গ'লহেঁতেন, তেতিয়া ?
ঢােপ খেলাত তােমাৰ যদি ইমানেই চখ আছে, নিজৰ ছােৱালীজনীক লৈ নেখেলিলা কিয়? আনৰ মৰমৰ সন্তানক লৈ কিয় হাত এৰি হেতালি খেলিছিলা?
আৰু, বন্ধুৰ প্রতিবাদ হজম কৰিব নােৱাৰি পিছদিনা যে নিজেই পইচা ভৰি বাঁহ কিনি আনি বাৰাণ্ডাখনৰ মাজতে বেৰ এখন দিয়াইছিলাহি, মনত আছে?
আৰু, সেই বেৰখন দিয়াৰ পিছতেই ঘৰটোৰ মালিক, মালিকনীৰ লগতে আন দুই-এজনকো মাতি আনি তুমি যে চাহ-পার্টি এটাৰ আয়ােজন কৰিছিলাহি, সেইদিনা তােমাৰ মনত কি অকণাে আফ্চোচ্ হােৱা নাছিল ?
চোৱা, সম্পর্ক চিঙিবৰ বাবে বেৰ নালাগে নহয়। এষাৰ টান কথাই যথেষ্ট।
গাৰ বলেৰেতাে কোনেও কাৰো অন্তৰত আসন লাভ কৰিব নােৱাৰে।
এই আসন লাভ কৰিবলৈ হ'লে কথা আৰু কামবোেৰ সৎ হ'বই লাগিব।
মই একো ক’বই নালাগে, আজি তুমি এই ধৰণৰ পার্টি চার্টি দিয়াতাে বন্ধ কৰি দিয়া, কাইলৈ নিজেই গম পাবা কোন তােমাৰ পক্ষত আছে, কোন নাই।
এইবােৰ, আচলতে, খুউব সৰু কথা। সেয়েহে, সহজে চকুত নপৰে।
বাৰু যিয়েই হওক, শুবৰ সময়ত বলিনে ৰশ্মিক কথাটো আকৌ ক'লে।
‘লােকৰ কথা লােকৰ বতৰা। মইনাে এইবােৰ কি জানাে !
কোন থাকে, কোন যায়, আমাৰ দৰকাৰ নাই নহয়!’
ৰশ্মিৰ স্পষ্ট কথা। তাইৰ কথাত কোনাে আঁৰ-বেৰ নাই।
ঠিকেই। মানুহে আজিকালি ককাই-ভাইৰে খা-খবৰ ল’বলৈ বাদ দিছে।
তেনে স্থলত, এইবােৰ বাটত পােৱা কমাৰৰ কথানাে ভাবে কোনে!
তথাপিও, নাভাবাে বুলিও কিছুমান কথা মানুহে কেতিয়াবা ভাবে।
মানে, কথাবােৰ মনলৈ আহি থাকিলেনাে কি কৰিব!
কিন্তু, তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলেহি, সি গমেই নাপালে।
সি সাৰ পাওতে পিছে পুৱা পাঁচেই বাজিলহি।
ইপিনে, ছােৱালীজনীয়ে কেতিয়াবাই সাৰ পাই বিচনাতে খেলি আছে।
এতিয়া, সি টয়লেটৰ পৰা সােনকালে আজৰি হৈ আহি তাইক অলপ