পৃষ্ঠা:এই নদী.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পলায়ন

 

 আবেলি সময়কণত বলিনে গেইটখনৰ ওচৰতে অলপ ইফাল-সিফাল কৰি থাকি কপাহৰ দৰে য'ত ত'ত ওলমি থকা ডাৱৰৰ চপৰাবােৰৰ মাজে মাজে অস্তায়মান বেলিটোৰ পৰা কাড়ৰ দৰে ওলাই অহা ভিন্নৰঙী ৰশ্মিবােৰ, দুই এটা নীড়মুখী চৰাই আৰু বাদুলিবােৰৰ লগতে দূৰৰ ৰাস্তাটোৰে হৰ্ণ বজাই অহা-যােৱা কৰি থকা গাড়ী-মটৰবােৰ দেখুৱাই দেখুৱাই ছােৱালীজনীক নিচুকাই আছিল।

 সি যি ফালেই আঙুলিয়াই দেখুৱায় তাই সেইফালেই ৰ লাগি চাই ৰৈছিল।

 হঠাৎ,কঁচিজোনটো দেখা পাই সি তাইক সেইটো আঙুলিয়াই দেখুৱালে।

 ‘জান মােৰ, সৌৱা জোন-বা-ই, চোৱা চো-ৱা !’


 ঠিক তেনেতে, কাষতে থকা মালিকৰ ঘৰৰ পৰা আনন্দ-উল্লাসৰ বাধাহীন ঊর্মিমালাৰ এক শব্দ-তৰঙ্গ উফৰি আহি তাৰ কাণত পৰিলহি।

 লগতে, প্রয়ােজনাধিকভাৱে কিবাকিবি টকালি পাৰি পাৰি খােৱাৰ শ্রুতিকটু শব্দ আৰু অমলহঁতৰ মুখত মালিকনীৰ ৰন্ধন-শৈলীৰ অকৃপণ প্রশংসা!

 মানে, এইখন নাটকৰো যৱনিকা পৰিবলৈ আৰু মাত্ৰ কেইটিমান নাট্য- মুহূর্তহে চাগে বাকী আছেগৈ। এন্টি-ক্লাইমেক্সটোতাে ইতিমধ্যে আৰম্ভ হৈছেই।

 কথাটো ভাবি বলিনৰ হাঁহি এটাহে উঠিল।

 সি হঁহা দেখি ছােৱালীজনীয়ে তাৰ মুখলৈ চালে আৰু তাইয়াে হাঁহিলে।

 সৰল আনন্দতে তাই দুবাৰমান হাতচাপৰি মাৰি মাৰিও হাঁহিলে।

 তেওঁলােকৰ ঘৰৰ পৰা আকৌ এবাৰ গির্জনি মাৰি হঁহাৰ শব্দ শুনা গ'ল।

 তাই এইবাৰ মালিকৰ ঘৰটোৰ ফালে চালে আৰু তালৈ যাবলৈ বিচাৰিলে।

 তেনেতে যেনিবা ৰশ্মিৰ মাতষাৰ বলিনৰ কাণত পৰিলহি।

 ‘তাইক লৈ আহকচোন! জা-ন, আ-হা!’

 মানে, তাইক খুৱাবৰ সময় হৈছে।

 তাইক খুৱাই-ধুৱাই আজৰি হ’ব পাৰিলেহে আকৌ ৰন্ধা-বঢ়া কৰিব পাৰি।

 ইফালে, কাৰেণ্টটোও নাই। লেম্পৰ ক্ষীণ পােহৰত তাই আমনিও কৰে।

 তথাপিও, ফুচুলাই কৰি তাইক আগতেই খুৱাই নল’লেও দিগদাৰ।

২৯