দুৱাৰমুখতে পৰীক ৰৈ থকা দেখি সিয়াে কঁকালতে হাত দি ৰৈ দিলে।
কাৰাে মুখত মাতবােল নাই। খালি, উৎকণ্ঠা।
‘বুইছা, ভন্টিবা, তাইয়ে তাৰ মূৰটো খালে। মােৰ সংসাৰখন শেষ কৰিলে।
আৰু, সিয়ােনাে বাৰু মােক ইমান প্রবঞ্চনা কৰিব লাগেনে!
তাক পিছে মই নেৰাে। তাক ভালকৈ শিক্ষা দিম। তাক মই পুলিচত...'
হঠাৎ, ‘পুলিচ’ শব্দটো কাণত পৰাত ৰাজীৱৰ খং উঠি গ'ল।
লগে লগে, তাৰ চকুৰ আগত ভাহি উঠিল প্রায় বিশবছৰৰ আগৰ সেই দিনটো যিদিনা তাক থানালৈ ধৰি নি বিভিন্ন ধৰণেৰে অপমান কৰা হৈছিল।
সেইবাৰ মানে তাৰ মানুহজনীয়েই ডেমাকি দেখুৱাই তাৰ ওপৰত পুলিচ- কেচ এটা দি মাকৰ ঘৰত সােমাই আছিলগৈ।
একমাত্র পৰীৰ মুখলৈ চাইহে সি পিছত মানুহজনীক ঘূৰাই আনিছিল।
আৰু আজি এই হাৰামজাদীয়েও...
এক নাটকীয় ভঙ্গীত মুখখন ঘূৰাই সি চেঁচা মাৰি গ'ল।
পৰীয়ে তাক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও ৰাখিব নােৱাৰিলে।
এক ৰুদ্রমূর্তি ধৰি সি বহাকোঠাটোত প্ৰৱেশ কৰিলেগৈ।
‘অই, তই এতিয়াই ইয়াৰ পৰা ওলা !
নিজৰ সংসাৰখন চম্ভালিব নােৱাৰ, ইয়াত নাটক কৰিবলৈ আহিছ!
ওলা বুলি কৈছোঁ নহয়, ওলা!’
তাৰ খং দেখি চন্দ্রাই কন্দাকটা বন্ধ কৰি অলপ পৰ থৰ লাগি ৰ’ল।
তাই এবাৰ তালৈ আৰু আনবাৰ বায়েকৰ মুখলৈ চালে আৰু কি কৰিব কি নকৰিব ঠিক কৰিব নােৱাৰি হতভম্ব হ’ল।
ইফালে, তাৰ ৰুদ্ৰৰূপ দেখি মানুহজনীয়েও থৎমৎ খালে।
পৰীয়ে তাৰ হাতখনত ধৰি টানিছিল যদিও আঁতৰাই নিব নােৱাৰিলে।
মানুহজনীয়ে তালৈ কাৰাকৈ চাই এবাৰ ‘অই’বুলি চিঞৰ এটা মাৰিছিল যদিও সি ইমান জোৰেৰে ‘চুপ’ বুলি কলে যে তাইৰ মুখ বন্ধ হৈ গ'ল।
চকু মােহাৰি মােহাৰি চন্দ্রা এসময়ত উঠিল আৰু পিছলৈ নােচোৱাকৈ খৰধৰকৈ ওলাই গ'ল। যাওতে, অৱশ্যে, তাই গেইটখন মেলি থৈয়ে গ'ল।
মানুহজনীয়ে কিন্তু ‘সোঁহ’ বুলি শব্দ এটা কৰি ভিতৰলৈ সােমাই গ'ল।
‘অই পৰী, গেইটত তলা লগাই থগৈ, যা! যা বুলি কৈছো নহয়!’
সি অর্ডাৰটো দিলে যদিও তাই পিছে তালৈ বেকা চাৱনি এটা দি মাকৰ
পিছে পিছে বে’ডৰূমলৈয়ে সােমাই গ'ল। তাই ওলাই অহাৰ কোনাে লক্ষণ নাই।
২৭