পৰীৰ মাতষাৰ কাণত পৰাৰ লগে লগে চেণ্ডেল চোঁচৰাই চোঁচৰাই সি পিছবাৰাণ্ডা পালেগৈ আৰু মুখ-হাতকেইটা আকৌ এবাৰ ভালকৈ ধুই ল'লে।
ভাতৰ পাতত বহিয়েই সি মন কৰিলে, ৰঙালাওৰ ভাজি আৰু দাইলহে।
ভাতৰ কাষতে যেনিবা অকণমান টেঙা আচাৰ আৰু জলকীয়া এটা।
প্রথম ভাতগৰাহ মুখলৈ নিওঁতেই তাৰ পৰীৰ চকুৱে চকুৱে পৰিল।
তাই অলপ হঁহাৰ দৰে কৰিলে।
‘কি হ’ল ?’
‘কি হ’ব আৰু! মাছ কিনাৰ পিছতাে যে আজি খাবলৈ নাপালাে।’
‘মাছ কিনিছিলাে বুলি তইনাে কেনেকৈ জানিলি?’
‘মায়ে মাছ আনিবলৈ ক'ব আৰু তুমি নানিবা, এনে কথানাে হ’ব পাৰেনে?
বাটতে চাগে ক'ৰবাত পৰি আহিল। তুমি কথাটো মাক কোৱাহে নাই।
‘জা-নাে, বাটতে পৰিল নে কাৰােবাক দি থৈয়ে আহিল, কেনেকৈ জানিবা ?
হঠাৎ, মানুহজনীৰ ধাৰাল কথাষাৰে তাৰ কাণ যেন ফালি দিলেহি।
কথাৰ সোঁত বেলেগ ফালেহে যােৱা দেখি পৰী পিছে গহীন হৈ দিলে।
সি কিন্তু মানুহজনীৰ কথাষাৰ অথলে যাবলৈ নিদিলে।
‘অই পৰী, আবেলি মােৰ লগত ওলাবি।
আন্টীয়েনাে মাছ কেনেকৈ বনালে, এপিছ খাই চাই আহিবিগৈ।
‘দে-তা!’- পৰীৰ ধমকটো খাই সি যেনিবা এইবাৰ গহীন হৈ দিলে।
তাৰ পিছত আৰু কাৰাে মুখত মাত-বােল নাই। খালি, খােৱাৰ শব্দহে।
গেইটখন খােলাৰ শব্দ এটা কাণত পৰাত পৰীয়ে পৰ্দাৰ ফাকেৰে চালে।
‘কোনােবা আহিছে দেখােন ! অ, চন্দ্রামাহী!’
ৰাজীৱেও মূৰটো হাওলাই চালে আৰু দেখিলে, হয়, চন্দ্রা আহিছে।
অথনি তাইক লগ পাইছিলহে। আজিয়েই আহিল যে! কথা কি!
এক নাটকীয় ভঙ্গিমাত আটাইকেইটাই খােৱা বন্ধ কৰি কিছুক্ষণ ৰৈ দিলে।
খৰকৈ খাই বৈ আজৰি হ’বলৈ মানুহজনীয়ে ইঙ্গিত এটা দিয়াত বাপেক, জীয়েক দুয়াে যেনিবা খপাখপ খােৱাত লাগিল।
যেন, চন্দ্রা আহি ডাইনিং টেবুলত খাদ্যসম্ভাৰখিনি দেখিলে কাঢ়িহে খাব।
সিহঁতে শেষৰ গৰাহটো চোবাই গিলিবলৈ নৌপাওঁতেই আগফালে গ্রীলৰ সমুখত ‘অ ভণ্টিবাইদেউ, আছানে’ বুলি চন্দ্ৰাৰ মাতষাৰ কাণত পৰিলহিয়েই।
ভাতগৰাহ লৰালৰিকৈ গিলি দি মানুহজনীয়ে ‘আছোঁ, আছোঁ, আহ!’
বুলি ক'লে আৰু মুখত হাঁহি এটা ফুটাই তুলিবলৈ চেষ্টা কৰি ওলাই গ'ল।
২৫