পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊষা-হৰণ।

মধ্য দেৱ জিনিলেক হৰৰ ডম্বৰু।
মুঠি পাই কঙ্কাল দেখিতে অতি সৰু॥২৮
গজ কুম্ভ জিনিয়া নিতম্ব গুৰুতৰ।
ৰাম ৰম্ভা জিনি উৰু অতি মনোহৰ॥
ঊষাৰ দুখানি জঙ্ঘা অতি সুবলিত।
পদ দুই মনোহৰ দেখিতে শোভিত॥২৯
লাবণ্যগামিনী ময় মত্ত গজ জিনি।
ৰাজহংস গতি চলে দানৱ নন্দিনী॥
স্বভাৱতে কোকিলৰ জিনিলা বচনে।
লাজে কৃষ্ণবৰ্ণ হুই লুবাইল গহনে॥ ৩০
চলিতে নপাৰে কন্যা পয়োধৰ ভৰে।
সুথিৰে চলান্ত ভৰি পড়িবাৰ ডৰে॥
কিবা শচী অথবা স্বৰূপে অৰুন্ধতী।
হৰৰ ঘৰিণী কিবা তিলোত্তমা ৰতি॥৩১
হেন ৰূপ ৰমণী ভুবনে নাহি দেখি।
চিত্ৰৰ পুত্তলি যেন থাকয় নিৰেক্ষি॥
নবীন পুত্তলি সম দেহ সুকোমল।
কটাক্ষতে ত্ৰিভুবন মুহিবে সকল॥৩২
অভিনব সুন্দৰী যুবত বৰ বালা।
ভুবন মোহিনী ৰূপ জিনি চন্দ্ৰকলা॥