পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊষা-হৰণ

আনো যত সমাজ্যাৰ সকলে কুশল।
তোমাক দেখিতে মোৰ মহা কৌতুহল॥১৩
সি কাৰণে অসিলোহোঁ দ্বাৰকা নগৰী।
দেখিয়া সন্তোষ বড় লভিলো শ্ৰীহৰি॥
তোমাত অধিক প্ৰিয় নাহি ত্ৰিভুবনে।
এতেকে সন্তোষ ভৈলো দেখিয়া নয়নে॥ ১৪
এবে এক চিত্ত কথা শুনা নাৰায়ণ।
কৌতুকতে গৈলো অনিৰুদ্ধৰ ভবন॥
তথাতে দেখিলো ঊষা বাণৰ কুমাৰী।
তাহাৰ ৰূপৰ সীমা কহিতে নপাৰি॥১৫
পূৰ্ব্বত দেখিলো তাঙ্ক পিতৃৰ ভবনে।
ততোধিক শত গুণ দেখিলো এক্ষণে॥
ভালেতো নেড়িলে পূৰ্ব্বে দেখিয়া কুমাৰে।
ব্যাকুল ভৈলন্ত দেখি মদন দুৰ্ব্বাৰে॥১৬
মহা মহা মুনিৰো ভুলিতে পাৰে মন।
আনৰ কি কথা কহিবোহোঁ নাৰায়ণ॥
যুবা জন মোহ হয় দেখিলে শ্ৰীপতি।
ধৰণী মণ্ডলে হেন নাহি ৰূপৱতী॥১৭
ঊষাৰ বদন পূৰ্ণ চন্দ্ৰক জিনয়।
উষা সম কোন হেনজনী দয়াময়॥