পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঊষা-হৰণ।  ৫৫

পিতামহে নিন্দিত কি নাহি কিছু লাজ ।
আমি সব থাকিতে তােমাৰ কিবা কায ॥২২৭
তত পাছে কুমাৰক ধৰি ত্রিনয়ন ।
কোলাত কৰিয়া বােলে মধুৰ বচন ॥
ধূলা ঝাৰি নানা মত কৰন্ত প্রবােধ ।
মন দিয়া শুনা কথা বাপু অনিৰুদ্ধ ॥২২৮
মনত আনন্দ কৰা কোপ পৰিহৰি ।
ঊষা লৈয়া হৰিষে চলিয়ো নিজ পুৰি ॥
নকৰস শঙ্কা তুমি কলঙ্কক ডৰে ।
নহন্ত কুলটা ঊষা জানিবা অন্তৰে ॥২২৯
কহিব পূৰ্ব্বৰ কথা শুনাহ সম্প্রতি ।
অহল্যাক হৰিলেক দেৱ শচীপতি ॥
তথাপি অহল্যাক সতী খ্যাত ত্রিভুবনে ।
হেন জানি শঙ্কা তুমি নকৰিবা মনে ॥২৩০
আৰু দেখা কুন্তী পঞ্চ পাণ্ডৱ জননী ।
ইন্দ্ৰ যম বৰুণ ভজিল দেৱ তিনি ॥
তিনি দেৱতাৰ তিনি পুত্র ভৈলা জাত ।
তথাপিতো সতী বুলি জগতে বিখ্যাত ॥২৩১
এক দ্রৌপদীৰ পঞ্চজন ভৈলা পতি ।
তথাপি দ্রৌপদী ত্রিভুবনে খ্যাত সতী॥