পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ঊষা–হৰণ


কৰাইলা বিবাহ তাঙ্ক গন্ধৰ্ব্ব বিধানে ।
পাছে বাণসুৰ জানি মাৰিবাক মনে ॥২০৭
নাগপাশে বান্ধি থৈলা নকৈলা বিনাশ ।
তাহাত ৰহিলা এবে গৈলা যমপাশ ॥
বাপক বিনাশ কেলা বিধবা লক্ষণী ।
পুনৰপি স্বামীৰ যে মিলাইলা বিঘিনি ॥২০৮
হা পিতা হেনয় দাৰুণ কৈলা কাম ।
নাতি বধু হৰি কিনাে ৰাখিলা কুনাম ॥
কুলবধু হৰি কিনো কৰিলা কুকাৰ্য্য ।
কিবা লাজে ওলাইবাহা জ্ঞাতিগণ মাজ ॥২০৯
হিয়া ধাকুৰিয়া কান্দে ৰতি বৰ নাৰী ।
হায প্রাণপুত্র মােক গৈলা কৈক এড়ি ॥
কোনে মােক আই বুলি আসি প্রণামিব ।
বচন মধুৰ বাক্যে কোনে সম্বােধিব ॥২১০
কাহাৰ মুখক দেখি জুড়াইব নয়ন ।
হা হা কি কৰিলা প্রভু দৈৱকী নন্দন ॥
বড় আৰ্তৰাৱে কান্দে ৰতি বৰ নাৰী ।
লক্ষ্মী সৰস্বতী শুনি আইলা শীঘ্ৰ কৰি ॥২১১
লক্ষ্মী বােলে বাপু কেন কান্দিছ মদন ।
কিয় কান্দ ৰতি আই কহিয়াে কাৰণ ॥