পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ঊষা-হৰণ।

দুইৰো সমৰ   অতি ঘোৰতৰ
  দেখিয়া নাৰদ মুনি।
ব্ৰহ্মা আদি হৰ   যম পুৰন্দৰ
  সবাত কহিল বাণী॥
ৰঙ্গ চাহিবাক   বৃষভে চড়িয়া
  আসিলন্ত শূলপাণি।
কৃষ্ণক দেখিতে   আইলা সবে দেৱ
  ৰৈলা আকাশক ছানি॥১৯০
মুষ্টি বজ্ৰ সম   ধৰি অনুপম
  হৰি কৰি ক্ৰোধ বড়।
মাৰিলন্ত টানি   দেৱ চক্ৰপাণি
  পৰ্ব্বত যেন উপৰ॥
অনিৰুদ্ধ বীৰ   হইয়া অস্থিৰ
  পড়িলা নাহিকে মাত।
যেন বজ্ৰপাতে   পড়ে শাল তাল
  পৰ্ব্বতৰ শিখৰত॥১৯১

পদ।

মুষ্টি ছোটে কোপ মনে অনিৰুদ্ধ বীৰ।
অনন্তৰে বাহু যুদ্ধ কৰে হুয়া স্থিৰ॥