পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ঊষা-হৰণ

হেৰা মোৰ প্ৰভু আনে বীৰবৰ সাৰ।
মহা কোপে ধৰি হাতে পৰিঘ দুৰ্ব্বাৰ॥
তুমি কোন জন আসি স্বামীৰূপ ধৰি।
যাবে শাপ নাহি দেও কহা শীঘ্ৰ কৰি॥১৬৯.
গোবিন্দ বদতি ঊষা নিদিবাহা শাপ।
কামে বিমোহিত হুয়া কৰিছোহো পাপ॥
মই দেৱ নাৰায়ণ ত্ৰৈলোক্যৰ পতি।
তোৰ ৰূপ শুনি বিমোহিত ভৈল মতি॥১৭০
হৰিলো তোমাক অনিৰুদ্ধ মায়া ধৰি।
ত্ৰিজগত পতি মই জানাহা সুন্দৰী॥
নাতিনী সম্বন্ধে মই হৰিলো তোমাক।
হেন জানি মোৰ দোষ ক্ষমা কৰিয়োক॥১৭১
হেন শুনি মনো দুঃখে ঊষা সুবদনী।
অধোমুখে গোবিন্দক বোলে মন্দ বাণী॥
কি কাৰণে এনে কৈলা দেৱ নাৰায়ণ।
মোৰ সতী ধৰ্ম্ম তুমি কৰিলাহা ছন্ন॥১৭২
সৰ্ব্বক্ষণে হেন মতি নুগুছে তোমাৰ।
ধৰণী মণ্ডলে মোৰ ৰৈল খিলিঙ্কাৰ॥
এতেক গোষ্টীৰ মাজে কৰিলাহা লাজ।
কামাতুৰ হৈয়া হেন কৰিলা অকাৰ্য্য॥১৭৩