এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ঊষা-হৰণ।
অধৰ কামোৰে অতি কামৰ কুমাৰ।
মুষ্টিৰ প্ৰহাৰে কৰে পৃথিবী বিদাৰ॥
কোপে দৃঢ়তৰ মুষ্টি হানে মহাবীৰ।
মুষ্টি লাগি ধৰণী ভৈলন্ত দুই চিড়॥১৬৪
সসাগৰা পৃথিবী কম্পিয়া ভৈলা থিৰ।
অধৰ কামুৰি কোপে বুলিলন্ত বীৰ॥
আসনত কোপে কম্পে থিৰ নহে কায়া।
কিবা দেৱতাৰ আৰু কিবা বিষ্ণু মায়া॥১৬৫
পৰিঘ হাতত কৰি কৰিলা গমন।
একোকে নামানে যেন প্ৰচণ্ড বাৰণ॥
গহনে চলিয়া যান্ত একো নগণিয়া।
শৰীৰৰ বাৱে তৰু পৰে উফড়িয়া॥১৬৬
বাহুৰ ঠেলাত ভাঙ্গে কতো শাল তাল।
প্ৰচণ্ড প্ৰতাপে চলে যেন যম কাল॥
শাল তৰু ছিন্ন কৰি চলিলা কুমাৰ।
লড়িলা সাগৰ গিৰি নদী সৰোবৰ॥১৬৭
প্ৰবেশ ভৈলন্ত কুঞ্জ বনৰ ভিতৰ।
দেখিলেক ঊষা আসে অনিৰুদ্ধ বীৰ॥
দেখি যুবতীৰ ভয়ে উড়ি গৈলা প্ৰাণ।
কৃষ্ণক সম্বোধি হেন বুলিলা বচন॥১৬৮