এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ঊষা-হৰণ।
যেবে কৌতুকত থাকো তুমিয়ে সহিতে।
তেখনে কৰস মায়া চঞ্চল চৰিত্ৰে॥
যদি সেহি মনে প্ৰিয়ে আছস লুকাই।
দৰশন দিয়া শীঘ্ৰে প্ৰাণ ফুটি যায়॥১৫০
হা হা বিধি কতনো কৰিলো ঘোৰ পাপ।
সেকাৰণে ভুঞ্জো এবে এতেক সন্তাপ॥
কিবা তিৰী পুৰুষে কৰিছো অঘটন।
সেহি দোষে হইলো মই প্ৰিয়া বিচ্ছেদন॥১৫১
এহি বুলি পুনৰপি কৰন্ত বিলাপ।
প্ৰিয়া শোকে এড়িলন্ত দম্ভাদি প্ৰতাপ॥
হায় প্ৰাণেশ্বৰী মোৰ প্ৰিয়ে বৰ নাৰী।
দানৱ নন্দিনী ঊষা গুণৰ সাগৰী॥১৫২
সৰ্ব্ব সুলক্ষণী ঊষা গুণৰ পুতলী।
শশাঙ্ক বদনী তুমি সৰ্ব্বাঙ্গ কোমলী॥
হেন প্ৰিয়া কোথা গৈলি মোক পৰিহৰি।
ফাটয় হৃদয় মোৰ সুমৰি সুমৰি॥১৫৩
বৃষ্টি ধাৰে নয়নৰ লোতক বহয়।
বিমূৰ্চ্ছিত ভৈলা বীৰ মৃতকৰ প্ৰায়॥
ৰহোক কুমাৰ কথা থৈলো এহি মানে।
নাৰদৰ কথা কহো শুনা একমনে॥১৫৪