এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ঊষা-হৰণ।
তুমি মোৰ জীৱ ধন সংসাৰৰ সাৰ ৰত্ন
প্ৰাণৰ বল্লভা বৰ বালা।
নেদেখি তোমাৰ মুখ বাঢ়য় দাৰুণ দুখ
দৰশন দিয়া চন্দ্ৰকলা॥১৪৪
যেবে দৰশন দিয়া বাণ সুতা প্ৰাণপ্ৰিয়া
মুখ শশী দেখোহোঁ নয়নে।
তেবে মোহোৰ হৃদয় অতি সুপ্ৰসন্ন হয়
দুঃখ শোক নাথাকিব মনে॥
ধৰণীত পৰে ঘন ক্ষণে হয় অচেতন
ক্ষণে যায় শীতল মন্দিৰ।
ক্ষণে দীৰ্ঘ ৰাৱ কাঢ়ি কান্দে ঊষা ঊষা বুলি
লোচন ঢাকিয়া বহে নীৰ॥১৪৫
ক্ষণে প্ৰিয়া প্ৰিয়া বুলি পড়য় নিঢালে ঢলি
স্মৃতি জ্ঞান নাহি শৰীৰত।
পুনঃ উঠি বেগে যায় প্ৰিয়া প্ৰিয়া বুলি ধায়
অতিশয় হুইয়া উনমত॥
ক্ষণে চাহে উৰ্দ্ধ মুখে অতিশয় মনোদুঃখে
শূন্য খাট পালেঙ্গ চাহিয়া।
কোথা গৈলি প্ৰাণেশ্বৰী শূন্য খাট আছে পড়ি
বিৰহ সন্তাপ মোক দিয়া॥১৪৬