পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ঊষা-হৰণ।

বন উপবন আৰু সাতয় সাগৰ।
তাহাৰ ভিতৰে যাই দেৱ দামােদৰ॥
দিব্য সৰােবৰ এক পাইলন্ত সিথানে।
সুনিৰ্ম্মল জল সুশােভিত পক্ষীগণে॥১১৮
ফুলি আছে জল পুষ্প কমল অপাৰ।
গুণ গুণে মধু পান কৰয় ভ্ৰমৰ॥
হংস চক্ৰবাক কঙ্ক সড়ালি চড়ায়।
জল খেলা কৰি মীন শেলুক ভুঞ্জয়॥১১৯
কতো পক্ষী জলে পৰি ডাকে সুললিত।
জল ক্ৰীড়া-শক্ত কৰি আপােনাৰ চিত॥
কতো পক্ষী ক্লান্ত হুইয়া তীৰত আছয়।
কতো পক্ষী পক্ষিণীক ৰমণ কৰয়॥১২০
দেখিয়া পক্ষীৰ কেলি ঊষা শশী মুখী।
ঈষত হাসিলা কন্যা হইয়া মনোদুঃখী॥
সেহি সৰবৰ তীৰে দিব্য উপবন।
ফলে ফুলে পৰিপূৰ তৰু অগণন॥১২১
নাগেশ্বৰ ৰক্তজবা তগৰ মালতী।
অশােক জয়ন্তী চম্পা আৰু জাতি যুতি॥
কৰৱীৰ বকুল শিৰীষ আৰু বক।
সূৰ্য্যকান্তি সূৰ্য্যমুখী ৰজনী গন্ধক॥১২২