পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ঊষা-হৰণ।

মৃগ মাৰি তাত   আছয় কুমাৰ
  পশিয়া ঘােৰ কাননে।
এবে নাৰায়ণে   কি কাৰ্য্য কৰিল।
  তাক শুনা সৰ্ব্বজনে॥
আত্মা ৰাম হৰি   জীৱ অধিকাৰ
  জগত ৰাম সৰ্ব্বথা।
জগত সহিতে   তাৰ ভিন্ন ভাব
  নােহে জানা সাৰ কথা॥৭২
জগত আধাৰ   পৰ-ব্ৰহ্ম সাৰ
  কৃষ্ণ ৰূপে অৱতৰী।
নানা লীলা ৰঙ্গ   অনঙ্গ কেলিক
  কৰিলা আনন্দ কৰি॥
কৃষ্ণ লীলা যশ   শ্ৰৱণে সন্তোষ
  কলিৰ কল্মষ হৰে।
কহে বৃষকেতু   মুকুতিৰ হেতু
  ৰাম বােলা নিৰন্তৰে॥৭৩