পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ঊষা-হৰণ।

যাহাৰ প্ৰহাৰে   ৰিপু প্ৰাণ হৰে
  মহা মহা বীৰগণ।
হেন ধনু শৰ   লৈয়োক আমাৰ
  চলিয়ো গহন বন॥৬৯
মাৰি পশুগণ   আনা এতিক্ষণ
  কামৰ প্ৰিয় নন্দন।
মোৰ প্ৰিয়তৰ   কৰিয়ো সত্বৰ
  সন্তোষি আমাৰ মন॥
আনি তেতিক্ষণে   দিলা ধনুৰ্ব্বাণ
  বাছি কুমাৰ হাতে।
লৈয়া ধনু শৰ   মনদ কুমাৰ
  হৰিক নমিলা মাথে॥৭০
দিব্য কবচক   গাৱত পড়িলা
  অতি হৰষিত মনে।
হৰিক নমিয়া   তুৰঙ্গে চড়িয়া
  সাজ ভৈলা তেতিক্ষণে॥
উচ্চৈশ্ৰবা সম   ঘোৰা অনুপম
  বায়ু বেগে চলি গৈলা।
ৰনত পশিয়া   হাতে ধনু লৈয়া।
  মৃগ মাৰিবাক লৈলা॥৭১