পৃষ্ঠা:ঊষা-হৰণ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰ বীৰত্ব শুনি কমলাৰ বনে৷
মহাদেৱ ঢলি পৰে বিষৰ নয়নে॥
বিষ নয়ন গুচি ভৈলা অমৃত নয়ন৷
সেহি বেলা মহাদেব লভিলা চেতন॥
পদ্মা বোলে শুনা ৰাজা আমাৰ উত্তৰ৷
ঊষা অনিৰুদ্ধ দিয়া বাদ সাধিবাৰ॥
যেহি দিনা পূজে সাধু কনক কমলে৷
ৰথে তুলি দিয়া যাম দুই বিদ্যাধৰে৷
শুনা শুনা ৰাজা তুমি দেৱ পুৰন্দৰ৷
আমি চাৰ বুলি কিছু নোবোলা উত্তৰ॥
সময়ত সম হোৱা সময়ত উল্কাপাত৷
সংসাৰ ৰাখিতে ভাৰ আছয় তোমাত॥
এক নিবেদন মই কৰিছো তোমাতে৷
ঊষা অনিৰুদ্ধ দিয়া বিবাদ সাধিতে॥
হৰ গৌৰী পূজা চান্দো কৰে নিতে নিতে৷
এই কাৰণে নপাৰো মই তাহাৰ সহিতে॥
হৰ গৌৰী পূজি বেটা পাই আছে বৰ৷
মোৰ সঙ্গে বাদ তবে কৰে নিৰন্তৰ॥