পৃষ্ঠা:ঊষা-হৰণ.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱপুৰে নিয়া বেউলাই লখাইক জীয়াবো৷
প্ৰত্যেকে জানিয়া সাধু তোমাক পূজিব॥
নেতাৰ বচন পদ্মা শুনিয়া যতনে৷
হংস ৰথে উঠি গৈলা ইন্দ্ৰৰ ভুবন॥

দিহা—এ দেবী পদোমাই
  কৈলাসে চলিলা দেৱী পদোমাই॥
পদ্মাক দেখিলা ইন্দ্ৰ সচকিত মন৷
কি কাৰণে মাতা তুমি এথা আগমণ॥
আনি দিলা পদ্মাক বসিতে সিংহাসন৷
কিয়বা আসিলা মাও মোহোৰ ভবন॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালী।
পদ্মাৰ বচন বুলি একই লেছাৰি॥

 দিহা —ইন্দ্ৰে পোছয় বাণী৷
ইন্দ্ৰই পোছয় বাণী শুনা   শিৱৰ নন্দিনী
মোৰ ঠাই কিবা প্ৰয়োজন॥
বোলে অনন্তৰ আই   আসিলো তোমাৰ ঠাই৷
ঊষা অনিৰুদ্ধ দিয়া মোৰে৷