পৃষ্ঠা:ঊষা-হৰণ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মা গোট কাঢ়ি নিলা দুতৰ ভাঙি মাথা৷
কান্দিয়া কান্দিয়া দুতে যমত কহে কথা ॥
তাক শুনি যম ৰজাৰ বিষাদিত মন৷
সাজ সাজ বুলি যম মাতে ঘনে ঘন॥
তিনি কোটি দুত সঙ্গে কৰিলা সাজন৷
যুদ্ধৰ নিমিত্তে যম চলে তেতিক্ষণ॥
নাগে দুতে দেখা দেখি হৈলা যেতিক্ষণ৷
দুয়ো দলৰ মহা যুদ্ধ হইল সিথান॥
পদ্মাৰ শৰত কত দুত গৈলা মৰি৷
দুতে গৈ কহিলেক যমত বাতৰি ॥
তাক শুনি যম ৰাজাৰ মহা দুখ মন৷
মহিষ বিমানে উঠি কৰিলা গমন॥
যম দণ্ড হাতে লৈলা দেখি লাগে ভায়৷
শীঘ্ৰ কৰি উঠি যম বিমান চলায়॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
যম পদ্‌মাৰ যুদ্ধ পদ একই লেছাৰি॥

দিহা।   এ যুদ্ধ লাগিল ৰে
দেৱীৰ সহিত যুদ্ধ লাগিল ৰে॥