পৃষ্ঠা:ঊষা-হৰণ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সবাক বান্ধিয়া নেই যমৰ কিঙ্কৰে॥
হেন আত্মা পাণ্ডু তই কি কাৰণে নেহ৷
বিৰাদ লগাবো আজি যম পদ্মাৰ সহ॥

দিহা৷   অ নাৰদ চলিলা ৰে
 যমৰ ভবনে নাৰদ চলিলা ৰে
  চাৰি কাষে নদী বৈতৰণী৷

ষোল শত যোজন যম ৰাজাৰ ভবন
 চাৰি কাষে নদী বৈতৰণী৷
মাংসৰ শোণিত বয় দুৰ্গন্ধ বহিয়া যায়
 পান কৰে পাতকি সকল৷
পাপী পাৰ হব খোজে  পিছে যায় আগে নাসে
 মাংস টানি খাই যে শৃগাল৷
নায়ায়ণ দেৱে কয় সুকবি বল্লভ হয়৷
 নাৰদ মুনি কৰিলা গমন৷

দিহা।   ভজৰে পামৰু মন হৰি চৰণতে৷
কি বুলি উত্তৰ দিম যম কৰণতে॥
পাপীৰ দুৰ্গতি দেখি নাৰদ তপোধন৷
যমক সম্বোধি মুনি বুলিলা বচন॥