পৃষ্ঠা:ঊষা-হৰণ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিহা৷ নাচে ঊষা সুন্দৰী ৰত্ন অলঙ্কাৰ ভৰি
 নাচে ঊষা অবলা সুন্দৰী৷
ইভিতি সিভিতি কৰি  নাচে ঊষা সুন্দৰী৷
 পাক লৈলা ভোমৌৰা আকাৰ৷
তালে তালে দিয়া পাও  চমকি উঠয় গাও
 ডাক ছাড়ি দিলা পুৰন্দৰ॥
মন কৰে মনসা  তাল ভাঙিবাৰ আশা
 কোপ দৃষ্টে মাৰিলা হুঙ্কাৰ।
পদায় কপট কৈলা যেবে  তাল ভঙ্গ হৈলা তেবে
 পৰে ঊষা ভূমিৰ ওপৰ
দিহা৷ ৰাধেৰ বধূয়া চয়  কানুৰ ঘৰে সাজে৷
 আমি যাও আপোনাৰ কাজে ॥

পুনৰপি নৃত্য কৰে ঊষা যে সুন্দৰী৷
তাহাক দেখিয়৷ আছে জয় বিষহৰি॥
ইন্দ্ৰে বোলে শুনা ঊষা আমাৰ উত্তৰ৷
ভাল মতে পুনৰপি অৰু নৃত্য কৰ॥
ৰাক্ষসীৰ মায়া পদ্মায় ধৰিলা আকাশে৷
ৰাক্ষস দেখিয়া সব দেৱতা তৰাসে॥
সেহি বেলা অনিৰুদ্ধে নকৰিলা ভাল৷