এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া মহাভাৰত।
সেই বেলা উঠিলন্ত প্ৰভূ হৃষিকেশ।
শৌচ হুইয়া পাছে স্নান মন্দিৰে প্ৰবেশ॥ ১৯৮
যুধিষ্ঠিৰে নিয়োজিলা কন্যাযে সকল।
সুবৰ্ণৰ কলসে কলসে ঢালে জল॥
স্নান কৰি কৃষ্ণ বেদ বিহিত তথাতে।
আদিত্যক উপাসা কৰিলা বিধিমতে॥ ১৯৯
দেৱতাক নমিল আদিত্য অগ্নি সোম।
অনন্তৰে কৃষ্ণে পাছে কৰিলন্ত হোম॥
পাছে অভ্যাগতক কৰাইলা স্নান পান।
হোম অবসানে ব্ৰাহ্মণক দিলা দান॥ ২০০
দান লভি হাতত ধৰিয়া ফুল ফল।
আশীৰ্ব্বাদ কৰিলন্ত ব্ৰাহ্মণ সকল।
গাৱে গাৱে ব্ৰাহ্মণৰ নমিলা চৰণ।
পাছে আশীৰ্ব্বাদ লৈলা দৈবকী নন্দন॥ ২০১
এহিমতে নিত্যকৰ্ম্ম অবসান কৰি।
পাছে সিংহাসনত বসিলা দেৱ হৰি॥
বেঢ়ি বেঢ়ি আছে পাণ্ডৱৰ যত বীৰ।
সাত্যকিক কৃষ্ণে মাতিলন্ত ধীৰে ধীৰ॥ ২০২
শুনা শুনা সাত্যকি আমাৰ বোল জান।
দাৰুকক আদেশ সাজোক ৰথ খান॥