পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

‘উদয়’ৰ জন্ম-ৰহস্য।

মিঃ ঢেঁকী-মহৰী।

 আজি নগাওঁ গৱৰ্ণমেণ্ট্ হাইস্কুলত উখল-মাখল লাগিছে ইয়াত বোলে কিবা এটা উদয় হল, অৰ্থাৎ জন্ম হল, তাৰ মানে আগে-পাছে নোহোৱা কিবা এটা হল। আজি নগাওঁ নগৰৰ কেবা জনৰো মুখত সেই একেটা কথাই; বিশেষকৈ দুই চাৰিবছৰ আগতে ইস্কুল এৰি গৈ চাকৰি-বাকৰিত সোমোৱা চেঙ্গেলীয়া তৰপৰ লৰা কেতবোৰৰ মুখত, চাহৰ দোকান বোৰত খিলি-পানওৱালাৰ চালি বোৰৰ তলত, গধূলি বাটে-ঘাটে তহলি ফুৰা ছাত্ৰ মহলত, আৰু ইস্কুল-কলেজলৈ অহা-যোৱা ছাত্ৰী মহলত।

 জন্ম হোৱা কথাষাৰত জননী সকলৰ যিমান উগুল থুগুল হয়, অইন কাৰো নহয়। অইন কি কাছধৰা গাৱঁৰ পৰা সিদিনা পোহাৰী দুজনীও আহিছিল বোলে চাওঁছোন বাৰু হাইস্কুল ঘৰটোত নো কি উপজিল। ইস্কুল ঘৰৰ কেউপিনেদি ভুমুকিয়াই একোকে নেদেখি কলঙৰ পিনে দুয়ো খোজ ললে। তাতো একো নেদেখি দুয়ো কোৱা-কুই কৰিলে যে আগে-পাছে নোলোৱা ইয়াত কিবা মাছ কি কাছ-তাছ ওলাইছিল হবলা দেয়েছে লৰা-লুৰি মখাৰ মাজত ইমান হুলস্থূল। ৰহস্যৰ খাতাং সমিধান নাপাই দুয়োৰো মন কেনেবা-কেনেবি খন লাগি আছে। বোৱাৰীয়েকে শুনি এজনী পোহাৰীক ভাল দগৰা ঢমক্ এটা লগালে বুলি শুনিলো— ‘ধেইৎ আই, ইস্কুল ঘৰতনো কিবা ওপজেনে! আকৰী, যাঃ!

 আহিল এইবাৰ আমাৰ কন্দলি গাৱঁৰ দীনবন্ধু বাপু। এওঁৱেই যোৱাবাৰ আমাৰ ইস্কুলৰ জন্মাষ্টমী পূজাৰী আছিল। বাপুৰ প্ৰধান ব্যৱসায় সোৱঁৰণী কৰি ফুৰা। ব্যৱসায়ী হিচাপে মানুহজন বেয়া নহয়; মাথোন এবাৰ মাতিলে দ্বিতীয় বাৰলৈ গৃহস্থই এওঁক নামাতে, ইমানেই। তেৱোঁ সিদিনাখন পি-এম বাক্‌চিৰ ডাইৰেক্তৰী পঞ্জিকা এডোখৰি হাতত লৈ দীঘল ঠেঙীয়া খোজেৰে ইস্কুল কম্পাউণ্ডত হাজিৰ্। টেঙৰ চকীদাৰ কেৰকণে ঘৰৰ পৰাই বাপুক দেখা পাই ওলাই আহি দীঘল চেলাম দি কলে,— ‘নমস্কাৰ বাপুদেউ; পিছে, মাঘমহীয়া জানো কৃষ্ণ গোসাই ওপজে! অহা শাওণ-ভাদ মহীয়াহে যদি আকৌ’। বাপুদেউ— ‘ওঁ, হয়তো; সেইটো জানো মই নাজানো। তইনো কি কৱ ঐ।’ এই বুলি গুণ-গুণকৈ কিবা-কিবি বলকি বাপুদেউ স্বস্থানে প্ৰস্থান।

 এদিন উদয়ক কোলাত লৈ আমি কেইজন মান ওলাই গলো। উদ্দেশ্য মাৰোৱাৰী পটি। কিয়নো, অইন ঠাইৰ মানুহে হোৱাই নোহোৱাই ইয়াৰ পৰিচয় কিছু পৰিমাণে পাইছে যদিও মাৰোৱাৰী সোপাই অকণিও ভূ-ভা পোৱা নাই অথন। আমি কলো ‘মহাজন বাবু, এয়া আমাৰ উদয় বহুতে লৈছে, আপোনাসকলেও লব লাগে’। মহাজন,— ‘হেইটো কি আছে? কি জিনিছ?’ ‘চাওক এয়া’ বুলি দি দিলো এখন। এহতে টিকা খজুৱাই সিহাতে মহাজনে পাত লুটিৱাই চাই দেখে কেইখন মান ছপা কাগজ মাথোন; বান্ধি এখন ২ কৰিছে। মুখ বিকটাই ওচৰত থকা তেওঁৰ মহৰী জনক কলে— ‘মহৰী বাবু, আপুনি পৰি চাই দেখক ইয়াত কি আছে। মহৰীৰ