পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফ্লোৰেন্স নাইটীগেল।


শোচনীয় অবস্থাত পৰিছিল। তেওঁ সেই স্বাস্থ্য- নিবাসৰ ভাৰ ললে। নিজে এটা পয়সা নলৈছিল বৰঞ্চ যত ৰকমে পাৰে সাহায্য কৰিছিল; ফ্লোৰেন্সৰ অক্লান্ত সেবাৰ গুণত অলপদিনতে এই স্বাস্থ নিবাসে উন্নতিলাভ কৰিলে। এইটোৱেই তেঁওৰ জীৱনৰ প্ৰথম মঙ্গলকৰ কাম। ইয়াৰ কিছুদিনৰ পাছতে ক্ৰিমিয়া যুদ্ধ (Crimean war) আৰম্ভ হয়। এই যুদ্ধত-ইংৰাজ এক পক্ষত আছিল। যুদ্ধত হেজাৰে হেজাৰে মানুহ মৰে। একো দিনতে কত মানুহ মৰে, আহত হয়, কাৰোবা হাত ভাঙ্গে কাৰোবা চকু নষ্ট হয়, কোনোৱেবা চিৰদিনৰ নিমিত্তে বিকলাঙ্গ হৈ পৰে। যিমান মানুহ যুদ্ধত মৰে আহতৰ সংখ্যা তাতকৈও সৰহ। এই সকলো মানুহৰ সেবা শুশ্ৰূষা কৰি পুনৰায় সুস্থ কবিবৰ নিমিত্তে মানুহৰ আবশ্যক হয়। আজিকালি যুদ্ধক্ষেত্ৰত নানাৰকম বন্ধ বস্ত কৰা হয়। বিশেষ আহত বিলাকক সেবা কৰিবৰ নিমিত্তে বহুত মানুহক নিযুক্ত কৰা হয়, চাকৰ প্ৰভৃতি ৰখা হয়, কিন্তু সেই সময়ত যেতিয়া ক্ৰিমিয়া যুদ্ধ হয় তেতিয়া ভাল বন্ধবস্ত নাছিল।দেশৰ নিমিত্তে

যিবিলাকে নিজৰ জীবন তুচ্ছ কৰি, ৰোদ,বৰষুণ, জাৰ,

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ১০২