পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
আৰ্হি তিৰুতা।


ইমানদিন শচীৰ স্নেহ কেবল নিমাইৰ ওপৰত আছিল নিমাই তেওৰ আৰু তেঁও নিমাইৰ, কিন্তু আজি তেঁও দেখিলে নিমাই বিশ্বজগতৰ মানুহৰ ভায়েক, সকলোৱেই তেঁওৰ সন্তান। নিমাইৰ ওছৰত সহস্ৰ সন্তান একত্ৰ হৈ তেঁওক “মাতৃ” সম্বোধন কৰিছে, নিমাই জগতৰ দাস ভগবানৰ সেবক৷ এক মূহুৰ্ত্ত মাত্ৰ নিস্তব্ধ হৈ নিমাইক সম্বোধন কৰি কলে “তুমি ভগবানৰ সেবক হোৱা জগতৰ দাস হৈ প্ৰভুৰ নাম প্ৰচাৰ কৰা মই অতি আনন্দেৱে তোমাক জগতৰ নিমিত্তে বিদায় দিলোঁ।” এনে স্বৰ্গাদপি গৰিয়সী মাতৃ পৃথিবীত নাই বুলিলেই হয়। ভগৱানৰ চৰণত শচীয়ে নিজক আৰু নিমাইক অৰ্পণ কৰিলে। সন্তানৰ ওপৰত মাতৃৰ স্বাৰ্থত্যাগ শচীদেবীয়েই আমাক প্ৰথম দেখুৱালে।

 নিমাইক বিদায় দি শচীদেবী ক্ৰমশঃ দুৰ্ব্বল হৈ পৰিবলৈ ধৰিলে, মূৰৰ অলপ বিকৃতিও হৈছিল। নিমাইৰ কথা ভাবি আৰু ভগবানৰ নাম কৰি শচী- দেবীয়ে পাঁচ বছৰ কটাবৰ পাছত, হঠাৎ এদিন শুনিলে যে নিমাই শান্তিপুৰলৈ আহিছে আৰু মাতৃ-

দৰ্শনৰ নিমিত্তে শচীমাইক মাতিছে। নবদ্বীপৰ পৰা

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৯৬