যে নিমাই ঘৰ এৰি সন্ন্যাসী হৈ যাব। শচীদেবীয়ে
মানুহৰ মুখত এই কথা শুনি বৰ চিন্তান্বিত হল।
দহোটী সন্তানৰ মাক হৈ আটাইকেটীকে হেৰুৱাই
একমাত্ৰ সম্বল নিমাই যাক উঠোতে বঁহোতে
চকুৰ মণি, অঞ্চলৰনিধি, কৰি তুলিছে সেই সন্তান
সন্ন্যাসী হৈ যাব এই কথা মাকৰ মনত অসহনীয়।
এদিন নিমাইক শুধিলে “নিমাই তই বোলে মোক
এৰি, ঘৰ এৰি সন্ন্যাসী হৈ যাব খুজিছ”; নিমাইয়ে
কলে “মাই, তুমি অনুমতি নিদিলে মই কেতিয়াও
নাযাওঁ৷” শচী মাই নিশ্চিন্ত হল। নিমাইৰ মন
ঈশ্বৰত ডুবিল, সংসাবৰ অনিত্য অসাৰ যেন লাগিল।
দেশ বিদেশত হৰি সঙ্কীৰ্ত্তন, হৰি নাম প্ৰচাৰ কৰিবৰ
নমিত্তে মন বিয়াকুল হল। এদিন বাহিৰত হৰি-
সঙ্কীৰ্ত্তন কৰি আহি নিমাইয়ে মাকৰ চৰণ বন্দনা কৰি
কলে “মাই মোক সংসাৰৰ পৰা বিদায় দিয়া।” শচীৰ
মু ৰত বজ্ৰ পৰাদি পৰিল কিছুমান পৰ স্তব্ধ হৈ থাকিল;
মাত নোলাল। হঠাৎ তেঁওৰ দিব্যচক্ষু লাভ হল
তেঁওৰ অঞ্চলৰ নিধি চকুৰ মণি নিমাইক আজি তেঁও
ভগবানৰ চৰণত অৰ্পণ কৰি জগতৰ কামত দীক্ষা
দিব, এনে সৌভাগ্য কেইজনৰ কপালত হয়