কলে আৰু চকুৰে যিমান দূৰ পাৰে বুজালে যে
তেঁওক তেঁও চিনিছে আক তাকে অনুৰোধ কৰিছে।
গদাপাণিয়ে আৰু তেঁওৰ কথা পেলাব নোৱাৰিলে
আকৌ নগাপৰ্ব্বতলৈ গলগৈ। আৰু ১৪/১৫ দিন
এই অত্যাচাৰ চলিছিল। সতী কুঁৱৰী জয়মতীয়ে
প্ৰায় ২২।২৩ দিন বেতৰ মাৰ খায়, ৰক্তাক্ত শৰীৰৰ
পিনে নাচাই এই অসহনীয় যন্ত্ৰণা সহ্য কৰি, ভগ-
বান আৰু স্বামীৰ নামলৈ দেহত্যাগ কৰি স্বৰ্গা-
ৰোহণ কৰিলে। সতী সাধ্বীৰ কীৰ্ত্তি এই ইয়াকে
বোলে!!
পাছত গদাপাণিয়ে সৈন্য সামন্ত সংগ্ৰহ কৰি লৰা ৰজাক আক্ৰমণ কৰি বধ কৰে আৰু ৰজাও হৈছিল। তেঁওৰ মৃত্যুৰ পাছত “লাই” তেঁওৰ পুতেক ৰজ৷ হয়৷ মাতৃদেবীৰ স্মৰণাৰ্থে আৰু মাতৃকীৰ্ত্তি চিৰস্মৰণীয় কৰিবৰ নিমিত্তে শিৱসাগৰ জিলাত যিখিনিত কুঁৱৰীয়ে ৰক্তাক্ত দেহেৰে প্ৰাণ দিছিল তাতে “জয়-সাগৰ” নাম দি পুখুৰী এটা খানি দিছে আৰু “জয়-দৌল” নামেৰে দেবতাৰ মন্দিৰ এটা কৰি মাতৃ ভক্তিৰ চিন দেখুৱাই সকলোৰে প্ৰশংসনীয়
হৈছে। বাটৰ বাটৰুৱাইও সেই বাটেদি গলে এবাৰ