পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
আৰ্হি তিৰুতা।


নিত্যধামলৈ গুচি গল। জেইলখানাৰ কয়েদীবিলাকে মাক আৰু ভণীয়েকক হেৰুৱালে। আমাৰ শিকিব লগীয়া বস্তু এলিজাবেথে ইহজগতত থৈ গল।

জয়মতী কুঁৱৰী৷

 জয়মতী কুঁৱৰীৰ বৃত্তান্ত আমাৰ দেশৰ প্ৰায় সক- লোৱেই জানে তেঁও আমাৰ দেশৰ তিৰুতাৰ প্ৰাতঃ- স্মৰণীয়া। অতীত যুগত সীতা দময়ন্তী প্ৰভৃতিয়ে যেনে সতীত্বৰ কাহিনী জগতত থৈ গৈছে আমাৰ দেশৰ বাণী ‘‘জয়মতী কুঁৱৰী’’ৱেও সেইৰূপ সতীত্বৰ কাহিনী থৈ আমাৰ দেশৰ গৌৰবৰ বস্তু হৈ চিৰদিন আসাম দেশক উজ্জ্বল কৰি থাকিব। পূৰ্ব্বকালত ৰজাবিলাক শিক্ষিত নাছিল আৰু তেঁওবিলাক নিজক প্ৰায় “ঈশ্বৰ” বুলি য়েই ভাবিছিল। মানুহক বধ কৰিবলৈকো অলপো ধৰ্ম্মভয় নকৰিছিল। ১৬৬৩ খৃষ্টাব্দত চক্ৰধ্বজ সিং নামেৰে এজন আহোম ৰজা আছিল, তেঁও সাতবছৰ ৰাজত্বৰ পাছত স্বৰ্গাৰোহণ কৰে আৰু তেঁওৰ ভায়েক

উদয়াদিত্য ৰজা হয়, কিন্তু তেঁওক মন্ত্ৰী সকলে বিষ

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৮৬